Local, Vocal, Global

WATCH | Mushalpur News : ব্যৱসায়ীক অপদস্থ কৰাৰ অভিযোগ অবড়ো নেতা জোন দাসৰ বিৰুদ্ধে

মুছলপুৰ,২৬মে’ : ব্যৱসায়ীক অপদস্থ কৰাৰ অভিযোগ অবড়ো নেতা জোন দাসৰ বিৰুদ্ধে

কামৰ বাবদ পোৱা ধন বিচাৰিব যাওতে ৰাইজৰ সন্মুখতে হিতেশ কছাৰী নামৰ ব্যৱসায়ীজনক খেদি পঠিয়াই অবড়ো নেতা জোন দাসে।বাক্সাৰ মুছলপুৰত ৰাজহুৱাকৈ অপদস্থ হয় ব্যৱসায়ী হিতেশ কছাৰী( Mushalpur News)।

জানিব পৰা মতে, এটা প্ৰিণ্টিং প্ৰেছৰ স্বত্বাধিকাৰী হিতেশ কছাৰী নামৰ লোকজনৰ পৰা যোৱা লোকসভা নিৰ্বাচনৰ সময়ত কোকৰাঝাৰ লোকসভা সমষ্টিৰ জোন দাস নামৰ এগৰাকী প্ৰাৰ্থীয়ে বেনাৰ-পোষ্টাৰ লৈছিল। কিন্তু এতিয়াও প্ৰায় ডেৰ লাখ টকা পাবলৈ আছে কছাৰীয়ে। যাৰ ফলত আজি মুছলপুৰত সংবাদমেল দিবলৈ অহা জোন দাসৰ ওচৰলৈ গৈছিল প্ৰিণ্টিং প্ৰেছৰ স্বত্বাধিকাৰী জন।

তেনে সময়তে ৰাইজৰ সন্মুখতে হিতেশ কছাৰীক খেদি পঠিয়ায় জোন দাসৰ একাংশ সহযোগীয়ে। যাৰ পৰিপ্ৰেক্ষিতত অসহায় হৈ সাংবাদিকৰ সন্মুখ চাপিছে হিতেশ কছাৰী।

লগতে পঢ়ক : WATCH | Abhayapuri News : মহিলাক অশালীন ইংগিত দি পলাই পত্ৰং দিলে পঞ্চায়ত সচিব