Local, Vocal, Global

WATCH | Mushalpur News : ”প্ৰমোদ বড়োৰ অৱস্থা থৰক-বৰক”

মুছলপুৰ,২১মে’ : ”প্ৰমোদ বড়োৰ অৱস্থা থৰক-বৰক,১৫ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব জিএছপিয়ে। চালানীক আদৰি নলয় দিহিৰাবাসীয়ে”। মুছলপুৰত গণ সুৰক্ষা পাৰ্টিৰ সভাত পাৰিষদ ঘনশ্যাম দাসৰ মন্তব্য ।

বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে এতিয়া সমষ্টিয়ে সমষ্টিয়ে প্ৰতিটো ৰাজনৈতিক দলে চলাইছে ৰাজনৈতিক কুচ-কাৱাজ । নৱ কুমাৰ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টী চমুকৈ জিএছপি দলেও ইখনৰ পাছত সিখনকৈ অনুষ্ঠিত কৰিছে সাংগঠনিক তথা যোগদান সভা(Mushalpur News)।

আজি বাক্সাৰ অহোপাত এক যোগদান সভাত উপস্থিত থাকি কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিটিচিৰ পাৰিষদ ঘনশ্যাম দাসে । তেওঁ কয় যে, প্ৰমোদ বড়োৰ অকলে নিৰ্বাচন খেলাৰ সাহস নাই । তেওঁৰ অৱস্থা থৰক-বৰক । ইফালে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ১৫ খন আসনত জিএছপিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলিও মন্তব্য কৰে ঘনশ্যাম দাসে । তেওঁ লগতে দিহিৰা সমষ্টিৰ ৰাইজে সমষ্টিৰ বাহিৰৰ পৰা অহা কোনো চালানী প্ৰাৰ্থীক দিহিৰাবাসীয়ে আদৰি নলয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

লগতে পঢ়ক : WATCH | Man allegedly kills wife: ঘৰুৱা কন্দলৰ বাবে স্বামীয়ে হত্যা কৰিলে পত্নীক