WATCH | Mushalpur News : বাক্সাৰ বিজেপিৰ সাংগঠনিক সভাত উপস্থিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
মুছলপুৰ,২০মে’ : বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে মাৰবান্ধি থিয় হৈছে শাসকীয় দল বিজেপি । বিটিআৰৰ প্ৰতিটো পৰিষদীয় সমষ্টিতে ইখনৰ পাছত সিখনকৈ অনুষ্ঠিত কৰি গৈছে সাংগঠনিক সভা । বাক্সা জিলাৰ নিকাছিত দিহিৰা মণ্ডল বিজেপি কাৰ্যালয়ত অনুষ্ঠিত সাংগঠনিক সভাত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Mushalpur News)।
তেওঁ বিটিআৰত পদুম ফুলাবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ ইংগিত প্ৰদান কৰি বাক্সা জিলাৰ পাঁচটা পৰিষদীয় সমষ্টিতে পৰ্যবেক্ষণ কৰি প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি জানিবলৈ দিয়ে । সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰী গৰাকীয়ে সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে বিজেপিয়ে বিটিআৰত প্ৰৱেশ কৰা বুলি মন্তব্য কৰে।
লগতে পঢ়ক :WATCH | Rangia News : অপৰাধীৰ ঘাটিত পৰিণত হৈছে ৰঙিয়া