WATCH | Mushalpur News: বাক্সাৰ আনন্দপুৰত বিজেপিৰ সম্বৰ্ধনা অনুষ্ঠান
মুছলপুৰ,১৮মে’ : বাক্সাৰ আনন্দপুৰত বিজেপিৰ সম্বৰ্ধনা অনুষ্ঠান। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীলৈ সম্বৰ্ধনা।
বাক্সাৰ আনন্দপুৰত আজি ভাৰতীয় জনতা পাৰ্টি মুছলপুৰ মণ্ডলৰ উদ্যোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়(Mushalpur News)।
এই সম্বৰ্ধনা অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ এক শতাধিক কৃৰ্তী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। মুছলপুৰ মণ্ডল বিজেপিৰ সভাপতি ৰিদীপ কুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ছাত্ৰ-ছাত্ৰী, অভিভাৱককে ধৰি চাৰি শতাধিক লোক উপস্থিত থাকে । ছাত্ৰ-ছাত্ৰীক উৎসাহ যোগাবলৈ আৰু শিক্ষাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি বদ্ধপৰিকৰ বুলি জানিবলৈ দিয়ে মুছলপুৰ মণ্ডল বিজেপিৰ সভাপতি ৰিদীপ কুমাৰ ডেকাই।
লগতে পঢ়ক : WATCH | Abhayapuri News : আলু ভৰ্তি ট্ৰাকত ওলাল ২৫টাকৈ গৰু