WATCH | Mushalpur News : কৰ্মৰত মিস্ত্ৰীক বিপিএফৰ লোকে মাৰপিট কৰাৰ অভিযোগ
মুছলপুৰ,১৭মে’ : বাক্সা জিলাৰ আঠিয়াবাৰীত আদৰ্শ শৌচালয় নিৰ্মাণত কৰ্মৰত মিস্ত্ৰীক বিপিএফৰ লোকে মাৰপিট কৰাৰ অভিযোগ। সংখালঘু সম্প্ৰদায়ৰ হোৱা বাবেই খেদি দিয়া বুলি সন্দেহ ।
স্থানীয় লোকে অভিযোগ কৰা অনুসৰি, ৰাজহুৱা আদৰ্শ শৌচালয় আচঁনিৰ অধীনত নিৰ্মাণ কৰি থকা শৌচালয়টো নিৰ্মাণত কৰ্মৰত এগৰাকী মিস্ত্ৰীক কেবাদিন ধৰি ধন দাবীৰ লগতে ভাবুকি দি আহিছিল একাংশই। কিন্তু দুদিন পূৰ্বে নিশাৰ সময়ত বিপিএফৰ দুজন লোকে সংখ্যালঘু সম্প্ৰদায়ৰ উক্ত মিস্ত্ৰী গৰাকীক মাৰপিট কৰে(Mushalpur News)।
ইয়াৰ পিছতে আতংকিত হৈ উক্ত মিস্ত্ৰী গৰাকীয়ে বিপিএফৰ মোহন বড়ো আৰু মৃগেন বড়োৰ বিৰূদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰি কাম নকৰি নিজ ঘৰলৈ গুছি যায় । ফলত স্তব্ধ হৈ পৰে শৌচালয় নিৰ্মাণৰ কাম। সংখ্যালঘু সম্প্ৰদায়ৰ লোকক এইদৰে বিপিএফৰ লোকে ভাবুকি দিয়াটো পুৰণি স্বভাৱ বুলি অভিযোগ কৰি এই ঘটনাক স্থানীয় একাংশই গৰিহণা দিয়াৰ লগতে উচিত বিচাৰ হ’ব লাগে বুলি দাবী উত্থাপন কৰে । এই সন্দৰ্ভত আঠিয়াবাৰী আউটপোষ্টত এজাহাৰ দিয়া হয়।
লগতে পঢ়ক : WATCH | Sonapur News : বিজয়ী প্ৰাৰ্থী সকলক সম্বৰ্ধনা ও অভিনন্দন দিয়াৰ উদ্দেশ্য বিজয় উৎসৱ