WATCH | Mushalpur News : বাক্সাৰ অমৰাবতীত বাক্সা জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিবেশন
মুছলপুৰ,১১মে’ : বাক্সাৰ অমৰাবতীত অনুষ্ঠিত হৈছে বাক্সা জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিবেশন ।
আজি দ্বিতীয় দিনা উলিওৱা হয় বাৰেৰহনীয়া বিশাল সাংস্কৃতিক শোভাযাত্ৰা ।
সাংস্কৃতিক শোভাযাত্ৰাত প্ৰদৰ্শিত হৈছে কলিতা জনগোষ্ঠীয় কৃষ্টিৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি ।
শোভাযাত্ৰাত এটা প্ৰকাণ্ড হাতীৰ নান্দনিক দৃশ্যই মুগ্ধ কৰে সকলোকে(Mushalpur News)।
এই অধিৱেশনৰ জড়িয়তে কলিতা জনগোষ্ঠীৰ সমস্যা বৰ্ণনা কৰে সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি সোণেশ্বৰ কলিতাই ।
অতিশীঘ্ৰে কলিতা জনগোষ্ঠীৰ জনজাতি কৰণ আৰু বিটিআৰত বসবাস কৰা কলিতা সকলৰ ভূমিৰ সমস্যা সমাধানৰ দাবী কৰে জনগোষ্ঠীটোৱে । অন্যথা আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও সঁকিয়াই দিয়ে ।
উল্লেখ্য যে শোভাযাত্ৰাৰ অন্তত অনুষ্ঠিত হ’ব মুকলি সভা ৷ এই সভাত কলিতা জনগোষ্ঠীৰ কেইবাজনো শীৰ্ষ নেতা উপস্থিত থাকিব ।
কলিতা জনগোষ্ঠীৰ হাজাৰ-হাজাৰ লোকেৰে উদুলি-মুদুলি হৈ পৰিছে অধিবেশনৰ বাকৰি।