WATCH | Mushalpur News : মুছলপুৰত মুছলপুৰ জিলা যুৱ ইউপিপিএলৰ এখন কাৰ্যনিবাহক সভা
মুছলপুৰ,২৮এপ্ৰিল : বাক্সা জিলাৰ মুছলপুৰত আজি মুছলপুৰ জিলা যুৱ ইউপিপিএলৰ এখন কাৰ্যনিবাহক সভা আৰু কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত থাকে বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু কেন্দ্ৰীয় যুৱ ইউপিপিএলৰ সাধাৰণ সম্পাদক ড° চাংগ্ৰাং ব্ৰহ্ম ।
এই সভাতে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে দলৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত যুৱচামৰ ভূমিকাৰ ওপৰত আলোচনা চলে । সভাৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত যুৱ নেতাসকলে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ইউপিপিএল দলে ২৫-২৭ খন আসন লাভ কৰাটো নিশ্চিত বুলি মত প্ৰকাশ কৰে(Mushalpur News)।
ইফালে বাক্সা জিলা হিচাপত ৪টা সমষ্টিৰ তিনিটাত পূৰ্বে জয়ী হোৱা ইউপিপিএলে চতুৰ্থটো সমষ্টি দিহিৰা পৰিষদীয় সমষ্টিও দখল কৰিবলৈ মাৰবান্ধি থিয় হোৱা বুলি জানিবলৈ দিয়ে । আজিৰ সভাত দুই শতাধিক যুৱ নেতা-কৰ্মী উপস্থিত আছিল ।
লগতে পঢ়ক : WATCH | Nalbari News: গুৱাহাটীৰ পৰা হাজো- আৰিকুছি হৈ নলবাৰীলৈ যোৱা পথৰ দুৰৱস্থা