Local, Vocal, Global

Mushalpur News : মুছলপুৰত আক্ৰাছুৰ ২৪ তম শ্বহীদ দিৱস পালন

মুছলপুৰ,৭জানুৱাৰী : আজি ৭ জানুৱাৰী । প্ৰতিবছৰে আজিৰ দিনটো কোচ ৰাজবংশী ছাত্ৰ সন্থাই পালন কৰে শ্বহীদ দিৱস হিচাপে । বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী বড়িমাখা হৰি মন্দিৰ প্ৰাংগনত আজি পালন কৰা হয় শ্বহীদ দিৱস । শ্বহীদ সকলক সুঁৱৰি এই শ্বহীদ দিৱসৰ অনুষ্ঠানতে গঠন কৰা হয় আক্ৰাছুৰ পশ্চিম বড়িমাখা শাখা সমিতি(Mushalpur News)।

মনসা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি হৰকান্ত ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত বাক্সা জিলা আক্ৰাছুৰ সভাপতি হিতেশ মেধিৰ উপস্থিতিত অনন্ত ৰয়ক সভাপতি আৰু নিৰ্মল দাসক সম্পাদক হিচাপে লৈ ১১ জনীয়া পশ্চিম বড়িমাখা শাখা সমিতিখন গঠন কৰা হয় । অনুষ্ঠানত উপস্থিত থাকি বাক্সা জিলা আক্ৰাছুৰ সভাপতি হিতেশ মেধিয়ে কমতাপুৰ পুনৰ গঠনৰ দাবী শীঘ্ৰেই মানি লবলৈ চৰকাৰক দাবী জনায় ।

লগতে পঢ়ক :Tragic road accident in Sipajhar:ট্ৰাকৰ খুন্দাত থিতাতে নিহত এগৰাকী ছাত্ৰী