Local, Vocal, Global

WATCH | Mushalpur News : মুছলপুৰত ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় সদস্য সন্মিলন

মুছলপুৰ,১০এপ্ৰিল : মুছলপুৰত ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় সদস্য সন্মিলন । ৪৬ সংখ্যক স্থাপনা দিৱস উপলক্ষে অনুষ্ঠিত হয় এই বিশাল সন্মিলন ।

এক ভাৰত শ্ৰেষ্ঠ ভাৰত মূলমন্ত্ৰ লৈ আগবঢ়া ভাৰতীয় জনতা পাৰ্টিয়ে সদস্যতা অভিযানৰ অন্তত কৰিছিল সক্ৰিয় সদস্য অন্তৰ্ভুক্তি । বুধবাৰে মুছলপুৰ সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ সক্ৰিয় সদস্যৰ সন্মিলন অনুষ্ঠিত কৰে ।

ভাৰতীয় জনতা পাৰ্টি বাক্সা জিলা সমিতিৰ উপ-সভাপতি নৱ কুমাৰ মেধিৰ সভাপতিত্বত অনুষ্ঠিত এই সভাতে সক্ৰিয় সদস্য সকলক উদ্দেশ্য কৰি মাৰ্গ দৰ্শন দিয়ে বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ শৰ্মা আৰু বাক্সা জিলা বিজেপিৰ উপ-সভাপতি ডাঃ সুৰেশ স্বৰ্গীয়াৰীয়ে(Mushalpur News)।

সভাৰ অন্তত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত নৱ কুমাৰ মেধিয়ে কয় যে আমি বাক্সা বিজেপিয়ে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে আজি নহয় কেতিয়াবাই সাজু হৈছো । বাক্সা জিলাৰ অন্তৰ্গত আটাইকেইটা পৰিষদীয় সমষ্টি আমাৰ হাতত থকাটো এশ শতাংশই নিশ্চিত । কালিৰ সক্ৰিয় সদস্য সন্মিলনত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সদস্য ৰাম দাহাল, কুমুদ দাস, অৰূপ বৰপূজাৰীও উপস্থিত আছিল।

লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটত আনন্দৰ জোৱাৰ। আকাশদ্বীপ বাৰুতিলৈ শ্ৰেষ্ঠ কন্ঠশিল্পীৰ বঁটা