WATCH | Mushalpur News : ‘বিটিআৰত সমাধান হ’ব লাগিব মাটি-বাৰীৰ সমস্যা’
মুছলপুৰ,৫এপ্ৰিল : ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সমাপ্তিৰ পাছতে বিটিচি পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব বিচৰা টিকট প্ৰত্যাশী সকলেও ৰাইজৰ কাষ চপা পৰিলক্ষিত হৈছে । আজি বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী শিংৰাপাৰাত বাথৌ পূজাৰ এক কাৰ্যসূচীত অংশ লয় বিজেপি কাৰ্যকৰ্তা মনীন বড়োৱে(Mushalpur News)।
তেওঁ কয় যে বিজেপি দলে যদি মোক যোগ্য বিবেচনা কৰে তেন্তে মই বিটিচিৰ মুছলপুৰ পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সাজু হৈছো । মই প্ৰথমেই গুৰুত্ব দিছো বিটিআৰৰ মাটি-বাৰীৰ সমস্যাৰ ওপৰত । এইবাৰৰ বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলিও মন্তব্য কৰে মনীন বড়োৱে ।
লগতে পঢ়ক : WATCH | Self Reliance through Farming: দেৰগাঁৱৰ এজন যুৱকে দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন