WATCH | Mushalpur News : মুছলপুৰত কলিতা জনগোষ্ঠী সন্মিলনৰ ধৰ্ণা কাৰ্যসূচী
মুছলপুৰ,২৬মাৰ্চ : মুছলপুৰত কলিতা জনগোষ্ঠী সন্মিলনৰ ধৰ্ণা কাৰ্যসূচী।
বাক্সা জিলা কলিতা জনগোষ্ঠীৰ প্ৰতিবাদত কপি উঠিল মুছলপুৰৰ আকাশ-বতাহ ।
অধিকাৰৰ পৰা বঞ্চিত হোৱা অসমৰ প্ৰাচীন ভূমিপুত্ৰ হিচাপে দাবী কৰা কলিতা জনগোষ্ঠী আজি পুনৰ ওলাই আহি সাব্যস্ত কৰিলে প্ৰতিবাদ ।
বাক্সাৰ মুছলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগনত ৰূপায়ন কৰে ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী(Mushalpur News) ।
সমগ্র অসমতে কলিতা সকলক ভূমি অধিকাৰ প্ৰদান কৰা, ‘মিছন বসুন্ধৰা ৩.০’ত কলিতা সব্লক বিনাচৰ্তে অন্তৰ্ভূক্ত কৰা, কলিতা সকলক ভূমিপুত্ৰৰ স্বীকৃতি প্ৰদান কৰা, কলিতা সকলক জনজাতিকৰণ কৰা, কলিতা সকলক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰা, প্ৰাগজ্যোতিষপুৰ নামেৰে কলিতা স্বায়ত্ব শাসিত পৰিষদ’ গঠন কৰা ইত্যাদি দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ ।
দাবী মানি নললে দিশপুৰ চলো কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ বাক্সা জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ ।
লগতে পঢ়ক : WATCH | Sensational Incident : ৰাজধানী এক্সপ্রেছৰ পৰা পৰি কৰুণ মৃত্যু এগৰাকী মহিলাৰ