WATCH | Mushalpur News : মুছলপুৰত বাক্সা জিলা বিজেপি অনুসূচিত জনজাতি মৰ্চাৰ প্ৰতিবাদ
মুছলপুৰ,২৫মাৰ্চ : মুছলপুৰত বাক্সা জিলা বিজেপি অনুসূচিত জনজাতি মৰ্চাৰ প্ৰতিবাদ ।
নুৰুল হুদাৰ গুণ্ডাগিৰী বন্ধ কৰাৰ দাবীৰে ওলাই আহিল বিজেপি কাৰ্যকৰ্তা ।
অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি বাক্সা জিলা ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জনজাতি মৰ্চাই ৰূপায়ন কৰে প্ৰতিবাদী অৱস্থান কাৰ্যসূচী ।
কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ আচৰণে অসম বিধানসভাৰ গৰিমাত কালিমা সানি সংসদীয় বিধিকো সম্পূৰ্ণ ৰূপে উলংঘা কৰা বুলি মন্তব্য কৰে বাক্সা বিজেপিৰ নেতৃত্বই(Mushalpur News)।
কংগ্ৰেছৰ গুণ্ডাৰূপী বিধায়ক গৰাকীক এই দুষ্কাৰ্যৰ বাবে তদন্তৰ ব্যৱস্থা কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে বাক্সা বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাই ।
লগতে পঢ়ক : WATCH | Numal Momin : বিধানসভাৰ মজিয়াৰ পৰাই কচম খালে নৰুল হুদাই