WATCH | Mushalpur News: মুছলপুৰত গণ সুৰক্ষা পাৰ্টী যুৱ মৰ্চাৰ সংবাদমেল
মুছলপুৰ,২৫মাৰ্চ : বাক্সা জিলাৰ মুছলপুৰত সোমবাৰে এক সংবাদমেল সম্বোধন কৰে ৰাজনৈতিক দল গণ সুৰক্ষা পাৰ্টী যুৱ মৰ্চাৰ বাক্সা জিলা সমিতিৰ সভাপতি নিতুল হালৈয়ে ।
সংবাদমেলত তেওঁ কয় যে আজি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে চম্পক দত্ত আৰু বিশাল ৰয় নামৰ দুগৰাকী যুৱকক বাক্সা জিলা গণ সুৰক্ষা পাৰ্টী যুৱ মৰ্চাৰ সাংগঠনিক সম্পাদক আৰু সহকাৰী সম্পাদক হিচাপে চিনাকী দি যোগদান কৰোৱাইছে । কিন্তু এই দুগৰাকী যুৱক গণ সুৰক্ষা পাৰ্টীৰ সাধাৰণ সদস্যও নহয় । যুৱ নেতা গৰাকীয়ে প্ৰমোদ বড়োক প্ৰত্যাহ্বান জনাই কয় যে যোগদান কৰা যুৱক দুগৰাকীক যদি গণ সুৰক্ষা পাৰ্টীৰ সৈতে থকা এটা স্নেপস্বট দেখুৱাব পাৰে তেন্তে আমি ৰাজনৈতিক জীৱন ত্যাগ কৰিম(Mushalpur New) ।
তেওঁ ক্ষোভ উজাৰি কয় যে এনেদৰে ভুৱা প্ৰচাৰেৰে যোগদান কৰাই বিটিচিৰ কাৰ্যবাহী সদস্য গৰাকীয়ে আচলতে কি বুজাব বিচাৰিছে ! মূলতঃ প্ৰমোদ বড়ো গণ সুৰক্ষা পাৰ্টীৰ উত্থানক লৈ শংকিত হৈছে । প্ৰমোদ বড়োই এনেয়ে দিহিৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ ঘনশ্যাম দাসক লৈ শংকিত । কিয়নো ঘনশ্যাম দাসৰ বাবেই প্ৰমোদ বড়োৱে মুখ্য কাৰ্যবাহী সদস্যৰ আসন খনত বহাৰ সুযোগ পাইছিল আৰু সেইগৰাকী প্ৰমোদ বড়োই ঘনশ্যাম দাসৰ ই এম পদ কৰ্তন কৰিছিল । কিন্তু তাৰ পিছতো ঘনশ্যাম দাস আজিও সমষ্টিবাসীৰ মৰমৰ ।
ইফালে ইউপিপিএলত যোগদান কৰা চম্পক দত্ত কিছুদিন আগত চোৰাং তেল সৰবৰাহ কৰি ৰঙাঘৰৰ আলহী হোৱা বুলিও উল্লেখ কৰে বাক্সা জিলা গণ সুৰক্ষা পাৰ্টী যুৱ মৰ্চাৰ সভাপতি নিতুল হালৈয়ে ।
আজিৰ সংবাদমেলত বাক্সা জিলা গণ সুৰক্ষা পাৰ্টী যুৱ মৰ্চাৰ সভাপতি নিতুল হালৈৰ উপৰিও, সামাজিক মাধ্যম কোষৰ আহ্বায়ক পৱিত্ৰ নাথ, দিহিৰা ব্লক যুৱ মৰ্চাৰ সভাপতি অজয় পাটগিৰী, কাৰ্যকৰী সভাপতি জিতু বড়ো, সাংগঠনিক সম্পাদক নিৰূপ শৰ্মাকে ধৰি কেবাগৰাকীও যুৱ নেতা উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Nagerbera News : নগৰবেৰাত জঘন্য ঘটনা;প্ৰেমৰ ছালনাৰ ছানিদুল ইছলামৰ নিকৃষ্ট কাণ্ড