Local, Vocal, Global

WATCH | Mushalpur News : অসম আৰক্ষীৰ কনিষ্টবল পদৰ নিযুক্তি পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগ

মুছলপুৰ,২০মাৰ্চ : অসম আৰক্ষীৰ কনিষ্টবল পদৰ নিযুক্তি পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগ

জাঙুৰ খাই উঠিছে আদিবাসী ছাত্ৰ সংগঠন আছা ।

আদিবাসী সকলক বাৰে বাৰে প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ ছাত্ৰ সংগঠনটোৰ ।

এক সংবাদমেল সম্বোধন কৰি বাক্সাৰ ডুমুনীত ক্ষোভ উজাৰিছে আছাৰ বাক্সা জিলা সমিতিয়ে( Mushalpur News) ।

উল্লেখ্য যে একাংশ আদিবাসী যুৱক-যুৱতীয়ে অৱতীৰ্ণ হৈছিল অসম আৰক্ষীৰ কনিষ্টবল পদৰ শাৰিৰীক পৰীক্ষাত । কিন্তু ফলাফল আহিছে অনুত্তীৰ্ণ ।

ইফালে নিয়ম অনুসৰি বাক্সা জিলাৰ OBC শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে নিৰ্ধাৰিত নম্বৰ আছিল পুৰুষৰ ৩২.৫৯ আৰু মহিলাৰ ২৯.১৪% ।

তাৰ বিপৰীতে বহু পৰীক্ষাৰ্থীয়ে পাইছিল নিৰ্ধাৰিত নম্বৰতকৈও অধিক নম্বৰ । কিন্তু বঞ্চিত হ’বলগীয়া হ’ল পৰীক্ষাৰ্থীসকল ।

এই পৰীক্ষাৰ্থী সকলক প্ৰাপ্যৰ পৰা বঞ্চিত নকৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে আছাই।

লগতে প্ৰচাৰৰ জৰিয়তে নিযুক্তিৰ নাটক কৰা বুলিও কটাক্ষ কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ।

আদিবাসী সকলক বাৰে বাৰে প্ৰাপ্যৰ পৰা বঞ্চিত কৰি থাকিলে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিম বুলি হুংকাৰ আছাৰ বাক্সা জিলা সমিতিৰ সভাপতি আলবিনুছ টিগ্গাৰ।

লগতে পঢ়ক : WATCH | Rongali Bihu : সমাগত ৰঙালী বিহু, ৰঙালীক আদৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক প্ৰস্তুতি