Local, Vocal, Global

WATCH | Mushalpur News : অসম আৰক্ষীৰ কনিষ্টবল পদৰ নিযুক্তি পৰীক্ষাত সংঘটিত হৈছে অনিয়ম

মুছলপুৰ,১৯মাৰ্চ : অসম আৰক্ষীৰ কনিষ্টবল পদৰ নিযুক্তি পৰীক্ষাত সংঘটিত হৈছে অনিয়ম ।

ক্ষোভ উজাৰিছে চাকৰি প্ৰত্যাশী যুৱক-যুৱতীয়ে ।

বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী ডুমুনীত আজি ওলাই আহিল একাংশ চাকৰি প্ৰত্যাশী যুৱক-যুৱতী(Mushalpur News)।

এইসকল যুৱক-যুৱতীয়ে অৱতীৰ্ণ হৈছিল অসম আৰক্ষীৰ কনিষ্টবল পদৰ শাৰিৰীক পৰীক্ষাত । কিন্তু ফলাফল আহিছে অনুত্তীৰ্ণ ।

উল্লেখ্য যে নিয়ম অনুসৰি বাক্সা জিলাৰ OBC শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে নিৰ্ধাৰিত নম্বৰ আছিল পুৰুষৰ ৩২.৫৯ আৰু মহিলাৰ ২৯.১৪%

তাৰ বিপৰীতে বহু পৰীক্ষাৰ্থীয়ে পাইছিল নিৰ্ধাৰিত নম্বৰতকৈও অধিক নম্বৰ । কিন্তু বঞ্চিত হ’ল এইসকল পৰীক্ষাৰ্থী ।

যাৰ কাৰণে ওলাই আহি উজাৰিছে ক্ষোভ । তেওঁলোকক প্ৰাপ্যৰ পৰা বঞ্চিত নকৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে এইসকল চাকৰি বঞ্চিত প্ৰাৰ্থীয়ে ।

লগতে পঢ়ক : WATCH | Unidentified Body Found: ছিপাঝাৰৰ পাথৰিঘাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ