Mushalpur News:মুছলপুৰত ইউপিপিএলৰ মুছলপুৰ ব্লক সমিতি গঠন
মুছলপুৰ,৪ডিচেম্বৰ : আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে প্ৰস্তুত ইউপিপিএল দল।মুছলপুৰত ইউপিপিএলৰ মুছলপুৰ ব্লক সমিতি গঠন ।
আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে কুচ-কাৱাজ আৰম্ভ কৰিছে ইউপিপিএল দলে । এই উদ্দেশ্য আগত ৰাখি আজি ইউপিপিএল দলৰ মুছলপুৰ ব্লক সমিতি গঠন কৰা হয় । আজি বাক্সা জিলাৰ মুছলপুৰস্থিত জিলা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এক দলীয় সভাত অংশগ্ৰহণ কৰি বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োৱে নতুনকৈ গঠন কৰা সমিতিখনে আগন্তুক বিটিচি নিৰ্বাচনত দলৰ প্ৰাৰ্থী গৰাকীক বিজয়ী কৰাৰ ক্ষেত্ৰত কাম কৰি যাব বুলি মন্তব্য কৰে(Mushalpur News)।
লগতে পঢ়ক :Sipajhar News:পুত্ৰৰ অত্যাচাৰ সহিব নোৱাৰি ঘৰ এৰিলে বৃদ্ধ পিতৃ-মাতৃয়ে