Local, Vocal, Global

Watch | Mushalpur ABSU protest : মুছলপুৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদ

মুছলপুৰ: মুছলপুৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদ ।উচ্চ ন্যায়ালয়ৰ বিজ্ঞাপন দাহ কৰে এবছুৱে । অসমীয়া ভাষাৰ সমানে বড়ো ভাষাকো অগ্ৰাধিকাৰ দিবলৈ আহ্বান ।
উচ্চ ন্যায়ালয়ৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ বিজ্ঞাপনত ২০ নম্বৰ অসমীয়া ভাষাৰ বাবে সংৰক্ষণ কৰাৰ পাছতেই ক্ষোভিত হৈ পৰিছে নিখিল বড়ো ছাত্ৰ সন্থা । মুছলপুৰত বাক্সা জিলা এবছুৱে ক্ষোভ উজাৰি প্ৰতিবাদ সাব্যস্ত কৰে । উচ্চ ন্যায়ালয়ৰ বিজ্ঞাপনো দাহ কৰে এবছুৱে । প্ৰতিবাদকাৰী সকলে এবছু জিন্দাবাদ, আমাক লাগে ন্যায়, লিখিত পৰীক্ষাত বড়ো ভাষাক মান্যতা দিয়ক, আমাৰ দাবী ন্যায় দাবী ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ কেন্দ্ৰীয় এবছুৰ উপ-সভাপতি উমেশ দৈমাৰীয়ে কয় যে বড়ো ভাষা অসমৰ সহযোগী ভাষা । গতিকে অসমীয়া ভাষাৰ সমানে বড়ো ভাষাই মান্যতা পাব লাগে । কিন্তু উচ্চ ন্যায়ালয়ৰ বিজ্ঞাপনত অসমীয়া ভাষাৰ বাবে সংৰক্ষণ কৰিছে । জনসাধাৰণক ন্যায় দিয়া ন্যায়ালয়ে আমাক ন্যায় দিব বুলি আমি আশাবাদী ।

লগতে পঢ়ক: Watch | Terrible situation in Golapara: গোৱালপাৰাত উচ্ছেদস্থলীত বৰ্তমানো ভয়ংকৰ পৰিস্থিতি