Local, Vocal, Global

Mushalpur ABSU protest: মুছলপুৰত এবছুৰ অৱস্থান ধৰ্মঘট

মুছলপুৰ,৮জানুৱাৰী: নিখিল বড়ো ছাত্ৰ সন্থাৰ আহ্বানত আজি ৰাজ্যজুৰি এবছুৱে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিছে । বাক্সা জিলাৰ মুছলপুৰতো বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাই তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে(Mushalpur ABSU protest) ।

এবছু জিন্দাবাদ, আমাৰ শৈক্ষিক সমস্যাক গুৰুত্ব দিয়ক ইত্যাদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ । প্ৰতিবাদস্থলীৰ পৰাই এবছুৰ নেতৃত্বই অসম ন্যায়িক সেৱাৰ পৰীক্ষাত বড়োক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা, CTET ৰ প্ৰশ্নকাকতত বড়ো ভাষাক এক নম্বৰ ভাষা হিচাপে অন্তৰ্ভুক্ত কৰা, বড়ো মাধ্যমত ৩৫ খন নতুন ‘মডেল হাইস্কুল’ স্থাপন কৰা, ১০১ খন বড়ো-মধ্যম হাইস্কুলৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা, বিটিআৰ চুক্তিৰ ৬.৩ দফা কাৰ্যকৰী কৰি ভেঞ্চাৰ স্কুলসমূহক তাৎক্ষণিকভাৱে প্ৰাদেশিকীকৰণ কৰা ইত্যাদি দাবী মানি নল’লে আন্দোলন-প্ৰতিবাদ অব্যাহত থাকিব বুলি কঠোৰ ভাষাৰে সঁকীয়াই দিয়ে ।

লগতে পঢ়ক :Dhing News:অৱশেষত নগাঁও আৰক্ষীৰ জালত পৰিল বটদ্ৰৱাৰ হাই প্ৰফাইল কুখ্যাত দালাল চক্ৰ