Murdered Assam Teen Maya Gogoi Was Granddaughter Of Ex-Assam Minister :কোন প্ৰাক্তন মন্ত্ৰীৰ নাতিনীয়েক মায়া গগৈ?
নিউজ ডেস্ক,৩০ নৱেম্বৰ : অৱশেষত উদ্ধাৰ হ’ল বেংগালুৰুত মৃত্যু হোৱা অসমৰ মায়া গগৈৰ পৰিচয় ।
প্ৰাক্তন মন্ত্ৰী ইন্দ্ৰ গগৈৰ নাতিনীয়েক আছিল মায়া গগৈ।
মায়া গগৈৰ মাতৃৰ বিয়োগৰ পাছত মোমায়েকহঁতে চোৱাচিতা কৰিছিল মায়া গগৈ আৰু মায়া গগৈৰ জ্যেষ্ঠ ভগ্নীক।বায়েক-ভনীয়েক লগত একেলগে বেংগালুৰুত দীৰ্ঘদিনে আছিল মায়া গগৈ।বিগত মাহত এক ক’ৰপৰেট চাকৰিত যোগ দিছিল মায়া গগৈয়ে। নিজৰ চাকৰিটোক লৈ বহুত উৎফুল্লিত আছিল মায়া।কিন্তু প্ৰথম দৰমহা ল’বলৈ নাপাওঁতে হত্যাৰ বলি হ’ল মায়া গগৈ(Murdered Assam Teen Maya Gogoi Was Granddaughter Of Ex-Assam Minister)।
শুকুৰবাৰে বেংগালুৰুলৈ গৈছিল মায়াৰ মহাক আৰু অসমৰ কেইবাজনো মায়াৰ বন্ধু। বেংগালুৰুতে সম্পন্ন হয় মায়াৰ অন্তেষ্টিক্ৰিয়া।
ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাত অভিযুক্ত মায়াৰ প্ৰেমিকক। যোৱা ২৬ নৱেম্বৰত বেংগালুৰুৰ এটা ফ্লেটত ১৯ বছৰীয়া মায়াক নৃশংসভাৱে হত্যা কৰিছিল প্ৰেমিক আৰভে। মায়াৰ প্ৰেমিক আৰভ হানয় কেৰালাৰ কন্নৰৰ বাসিন্দা।
লগতে পঢ়ক :Rowta News:ৰৌতাৰ ৰাজপথত পৰিত্যক্ত ড্ৰাম