হত্যা নে আত্মহত্যা
 
				নিউজ ডেস্ক, ১৩ মে’- গীতানগৰৰ মন্দাকিনী এপাৰ্টমেণ্টত উদ্ধাৰ হৈছে মৃতদেহ। মৃণাল কলিতা নামৰ অভিযন্তা গৰাকীৰ উদ্ধাৰ কৰা হৈছে এপাৰ্টমেণ্টটোৰ পৰা।
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা আছিল মৃণাল কলিতা।নিজৰ বাসগৃহতে উদ্ধাৰ কৰা হৈছে মৃতদেহ।
সংবাদ মাধ্যমক জনোৱা অনুসৰি তেওঁ পত্নীৰ সৈতে কʼৰবালৈ যাবৰ বাবে পত্নীৰ সৈতে ওলাই আহিছিল আৰু পুনৰ ঘৰলৈ বুলি অকলেই উভতি গৈছিল। বহু সময় অপেক্ষা কৰাৰ পাছত উভতি নহাৰ বাবে পত্নীয়ে চাবৰ বাবে গৈছিল আৰু মৃতদেহ প্ৰত্যক্ষ কৰিছিল।
বৰ্তমান সময়ত পুলিচ প্ৰশাসনৰ লোক উপস্থিত হৈ ঘটনা সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে।
বৰ্তমানেও জানিব পৰা হোৱা নাই ই সত্যা নে আত্মহত্যা।
 
						 
			