Murder accused Madhurya Baruah from Chabua has been arrested : অৱশেষত গ্ৰেপ্তাৰ হ’ল চাবুৱাৰ মাধুৰ্য বৰুৱাৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক
নিউজ ডেস্ক,১৪ছেপ্তেম্বৰ : অৱশেষত গ্ৰেপ্তাৰ হ’ল চাবুৱাৰ মাধুৰ্য বৰুৱাৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক। পত্নী প্রহেলিকা বৰুৱাই হত্যা কৰিছিল স্বামী মাধুৰ্য বৰুৱাক। হত্যাত পত্নীক সহযোগ কৰিছিল ময়ুন্ত গগৈ নামৰ এজন যুৱকে। সহযোগ কৰা যুৱকজনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে(Murder accused Madhurya Baruah from Chabua has been arrested)।
উল্লেখ্য যে, জলসম্পদ বিভাগৰ কৰ্মচাৰী আছিল মাধুৰ্য বৰুৱা। ১০ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই হত্যাকাণ্ড। ১০ ছেপ্টেম্বৰ অৰ্থাত সোমবাৰে নিশা প্ৰায় ডেৰ মান বজাত চাবুৱাৰ জেৰাই গাঁৱৰ নিবাসী মাধুৰ্য বৰুৱাই ঘৰত শুই থকা অৱস্থাতে কোনো অচিনাক্ত দুৰ্বৃত্তই মাধুৰ্যক শুৱাপাটিৰ পৰা জগাই চোকা অস্ত্ৰ আৰু মাটি সমান কৰা ধুমুচেৰে মুৰত আঘাত কৰি অতি নিৰ্মমভাৱে হত্যা কৰে । তাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্য ।
অৱশেত আৰক্ষীয়ে কৰায়ত্ত কৰে হত্যাকাণ্ডৰ লগত জড়িত থকা যুৱকজনক। দুয়োজনকে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে । আৰক্ষীৰ জেৰাত দুয়ো স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা ।