Local, Vocal, Global

পৌৰযুঁজ :৬ মাৰ্চ অৰ্থাৎ আজিৰ দিনটোত ২,৫৩২জন প্ৰাৰ্থীৰ নিৰ্ণয় হব ভাগ্য

নিউজ ডেস্ক, ৬ মাৰ্চ : আজি পৌৰসভাৰ নিৰ্বাচন। প্ৰথমবাৰৰ কাৰণে EVM ব্যৱহাৰ কৰা হৈছে পৌৰসভা নিৰ্বাচনত। ২,০৫৪টা ভোটকেন্দ্ৰত ভাগ্য নিৰ্ণয় হ’ব পৌৰসভাৰ প্ৰাৰ্থীৰ। EVMত বন্দী হ’ব ২,৫৩২ জন প্ৰাৰ্থীৰ ভাগ্য । শুকুৰবাৰে ৪,১০০ টা EVM বিভিন্ন ভোটকেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। পুৱাই ভোটদান কৰিবলৈ শাৰী পাতিছে ভোটাৰে।  ৯ মাৰ্চত ঘোষণা কৰিব পৌৰ নিৰ্বাচনৰ ফলাফল। ইতিমধ্যে ৫৭টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰ জয়ী হৈছে প্ৰাৰ্থী।