Local, Vocal, Global

Mumbai murder case : সংগীক হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰ কৰি কাটিলে প্ৰেমিকে

সংগীক হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰ কৰি কাটিলে প্ৰেমিকে

নেশ্যনেল ডেস্ক, ৮জুন : নৃশংস ! এজন মানুহে নৃশংসতাৰ কোনটো সীমালৈকে যাব পাৰে সেয়া কল্পনাৰো অতীত । কিমান নিকৃষ্ট হ’লে এজন মানুহে নিজৰ আপোনজনক হত্যা কৰিব পাৰে ! দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ । পুনৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ অনুৰূপ এক ঘটনা। পোহৰলৈ আহিছে শ্ৰদ্ধা কাণ্ডতকৈও ভয়লগা এক নৃশংস হত্যাকাণ্ডৰ ঘটনা । এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হৈছে মায়ানগৰী মুম্বাইত । গাৰ নোম শিয়ৰি যোৱা এই হত্যাকাণ্ডই জোকাৰি গৈছে মুম্বাইৰ লগতে সমগ্ৰ দেশ । মুম্বাইৰ মীৰা ৰোডত সংঘটিত হৈছে এই বৰ্বৰ ঘটনাটো(Meera road murder case)। প্ৰেয়সীক হত্যা কৰি শৰীৰটো টুকুৰা টুকুৰকৈ কাটি খাবলৈ সেই মঙহ খাবলৈ দিলে কুকুৰক ।

জানিব পৰা মতে, মুম্বাইৰ এটা ফ্লেটত মনোজ আৰু সৰস্বতী নামৰ দুই প্ৰেমিক প্ৰেমিকাই লিভ ইনৰ ৰিলেশ্যনত আছিল । ৩৬ বছৰীয়া সৰস্বতী বৈদ্যই দীৰ্ঘদিন ধৰি ৫৬ বছৰীয়া মনোজ সাহানীৰ সৈতে আছিল ফ্লেটটোত ।

ঘটনাৰ বিৱৰণী অনুসৰি, ৫৬ বছৰীয়া এজন ব্যক্তিয়ে লিভ ইন ৰিলেশ্যনত থকা তেওঁৰ প্ৰেয়সীক হত্যা কৰি মৃতদেহটো টুকুৰা-টুকুৰ কৰি কাটি পেলাই । কেৱল ইমানেই নহয়, মৃতদেহৰ টুকুৰাবোৰ কুকাৰত সিজাই কুকুৰক খাবলৈ দিয়ে । বুধবাৰে পোহৰলৈ আহিছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনাটো ।

শেহতীয়াকৈ আৱাসিক চৌহদটোত থকা লোকসকলে ফ্লেটটোৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধ পাই এই সম্পৰ্কে আৰক্ষীক অৱগত কৰে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ফ্লেটটোৰ পৰা পৰা অৰ্ধগলিত এটা মৃতদেহ উদ্ধাৰ কৰে ।

প্ৰাথমিক অনুসন্ধানৰ পাছতে আৰক্ষীয়ে ফ্লেটটোত থকা ৫৬ বছৰীয়া মনোজ সাহানী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ জেৰাত সাহানীয়ে প্ৰকাশ কৰা অনুসৰি, খঙৰ ভমকত নিজৰ সংগী সৰস্বতী বৈদ্যক তেওঁ হত্যা কৰিছিল আৰু মৃতদেহটো কাটি ফ্লেটত লুকুৱাই ৰাখিছিল ।

লগতে আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি মনোজ আৰু সৰস্বতী লিভ ইন ৰিলেশ্যনত আছিল । ৩৬ বছৰীয়া সৰস্বতী বৈদ্যই দীৰ্ঘদিন ধৰি অভিযুক্ত মনোজ সাহানীৰ সৈতে উক্ত ফ্লেটটোত বসবাস কৰি আছিল ।

মনোজে বৰিৱালি অঞ্চলত এখন সৰু দোকান চলাই আছিল । হঠাতে মনোজ আৰু সৰস্বতী থকা ফ্লেটটোৰ পৰা দুৰ্গন্ধ ওলোৱাত ওচৰ চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ফ্লেটটোৰ ভিতৰৰ পৰা সৰস্বতীৰ অৰ্ধগলিত মৃতদেহটো পোৱাৰ লগতে মৃতদেহৰ কিছু অংশ এটা চোকৰ পৰা উদ্ধাৰ কৰে (Man killed live in Partner in Mumbai)। ইফালে সিজোৱা মঙহৰ টুকুৰা কুকুৰক খাবলৈ দিয়াও স্থানীয় লোকে প্ৰত্যক্ষ কৰা বুলি স্থানীয় সূত্ৰই উল্লেখ কৰিছে ।

মুম্বাই আৰক্ষীৰ উপ-আয়ুক্ত জয়ন্ত বাজবলে সদৰি কৰা মতে, মনোজে জেৰাৰ সময়ত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে । আৰু কলে, তেওঁলোকৰ মাজত বুজাবুজি আছিল যদিও শেহতীয়াকৈ কিছুমান বিষয়ক লৈ মাজে মাজে তেওঁলোকৰ মাজত কাজিয়া হৈছিল । ইয়াৰ পাছত এদিন দুয়োৰে মাজত হোৱা কাজিয়াই চুড়ান্ত ৰূপ পাই আৰু খঙৰ ভমকত মনোজে সৰস্বতীক হত্যা কৰে । ইফালে ঘটনাৰ অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Abhi Neel Murder : অভি-নীল হত্যাকাণ্ডৰ ৫ বছৰ সম্পূৰ্ণ