Local, Vocal, Global

Mumbai Bandra Worli Sea Link Accident: ভয়ংকৰ দুৰ্ঘটনা; ইনোভা বাহনৰ খুন্দা কেইবাখনো বাহনত

নেশ্যনেল ডেস্ক, ১০ নৱেম্বৰ : ভয়ংকৰ দুৰ্ঘটনা । ইনোভা বাহনৰ খুন্দা কেইবাখনো বাহনত । ফলত নিহত ৩গৰাকী ,আহত ১২ গৰাকীকৈ লোক(Mumbai Bandra Worli Sea Link Accident) ।

মহাৰাষ্ট্ৰৰ ৱৰ্লিত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । বৃহস্পতিবাৰে নিশা প্ৰায় ১০ মান বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো ( 3 Dead, Several Injured In Multi-Car Crash) । বান্দ্ৰাৰ দিশৰ পৰা গৈ থকা এখন দ্ৰুতবেগী ইনোভা বাহনে মহতিয়াই নিলে কেইবাখনো বাহনক।

জানিব পৰা মতে, প্ৰথমে ইনোভাখনে বান্দ্ৰা ৱৰ্লি চি লিংকৰ কেইশ মিটাৰ পূৰ্বে এখন বিলাসী বাহনত খুন্দা মাৰে আৰু ঘটনাস্থলীৰ পলায়নৰ চেষ্টা কৰে । ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰোতে ইনোভাখনে আন কেইবাখনো বাহনক খুন্দা মাৰে । ফলত ৩ গৰাকী লোক নিহত হয় আৰু আহত হয় ১২ গৰাকীকৈ লোক । আহতলোকসকলক বান্দ্ৰাৰ ভাভা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়(3 Killed In Multi Car Crash At Bandra-Worli Sea Link) ।

উল্লেখ্য যে, বান্দ্ৰা ৱৰ্লি চি লিংক টোল প্লাজাৰ সমীপত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত প্ৰায় ৬ খন বাহন ক্ষতিগ্ৰস্ত হয়(3 Killed, 12 Injured In Multi-Car Crash At Mumbai’s Bandra-Worli Sea Link) ।

মুম্বাই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Horrific Road Accident in Gorakhpur : তীব্ৰবেগী ট্ৰাক আৰু যাত্ৰীবাহী দুখন বাছৰ মাজত সংঘৰ্ষ