Local, Vocal, Global

Multiple temples vandalised : ৫ টাকৈ মন্দিৰৰ প্ৰতিমা ভাঙি লণ্ডভণ্ড

বৰপেটা,২০আগষ্ট : মন্দিৰৰ প্ৰতিমাৰ মুণ্ড কোনে ভাঙিলে।৫ টাকৈ মন্দিৰৰ প্ৰতিমা লণ্ডভণ্ড কোনে কৰিলে(Multiple temples vandalised) ।

বৰপেটাৰোডত ৫টা কৈ মন্দিৰৰ প্ৰতিমা লণ্ডভণ্ড কৰা ঘটনাক লৈ চহৰখনত উত্তেজনাময় পৰিৱেশ। হাজাৰ লোক ওলাই আহি এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে বৰপেটাৰোডত।

এনেদৰে একেৰাহে ৫টাকৈ মন্দিৰৰ প্ৰতিমা লণ্ডভণ্ড কৰাৰ পাছতেই জয় শ্ৰী ৰাম ধ্বনিৰে বৰপেটা ৰোডৰ আকাশ বতাহ উত্তাল কৰি তুলিছে ভক্তই।

ইতিমধ্যে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক বৰপেটাৰোডত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ লগতে ঘটনাটোৰ অনুসন্ধান আৰম্ভ কৰিছে। মন্দিৰৰ প্ৰতিমা লণ্ডভণ্ড কৰা ঘটনাৰে জৰিত ড্ৰাগছ আসক্ত এটা দূস্কৃতিকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত চলাই আছে(Multiple temples vandalised)।

ইপিনে চহৰখনত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ মাজতে মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ পুত্ৰ অপূৰ্ব অধিকাৰী বৰপেটাৰোডত উপস্থিত হৈ ৰাইজক শান্তি বৰ্তাই ৰাখিবলৈ অনুৰোধ জনাইছে।

এই ঘটনাৰে জড়িত দূস্কৃতিকাৰীক শীঘ্রে গ্ৰেপ্তাৰ কৰিবললৈ আৰক্ষীক দাবী জনাইছে অপূৰ্ব অধিকাৰীয়ে।

লগতে পঢ়ক : AAMSU Protest in Lakhimpur : লখিমপুৰত আমছুৰ প্ৰতিবাদ; স্মাৰ্ট মিটাৰ স্থাপনৰ বিৰোধিতা সৰৱ আমছু