Local, Vocal, Global

Mukesh Ambani’s emotional farewell to Ratan Tata: ৰতন টাটাৰ বিয়োগত শোকত ভাঙি পৰিছে মুকেশ আম্বানি

নিউজ ডেস্ক,১০অক্টোবৰ : ভাৰতৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান ঘটে। বুধবাৰে নিশা মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ থকাৰ অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট উদ্যোগপতি ৰতন টাটাই । টাটাৰ মৃত্যুত ম্ৰিয়মাণ সমগ্ৰ দেশ৷ বিশিষ্ট উদ্যোগপতিগৰাকীৰ বিয়োগত ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পৰা অসমৰ মুখ্যমন্ত্ৰীকে দেশ-বিদেশৰ বহুজনে শোক প্ৰকাশ কৰে।
ৰতন টাটাৰ বিয়োগত শোকত ভাঙি পৰিছে মুকেশ আম্বানিও( Mukesh Ambani On ‘Dear Friend’ Ratan Tata’s Death)।

ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰি মুকেশ আম্বানীয়ে লিখিছে “নিঃসন্দেহে দেশৰ বাবে এইটো এটা দুখৰ দিন। ৰতন টাটাৰ মৃত্যু কেৱল টাটা গ্ৰুপৰ বাবেই নহয় দেশৰ বাবেও ক্ষতি।ব্যক্তিগত সম্পৰ্কৰ কথা কওঁতে ৰতন টাটাৰ মৃত্যুৱে মোক গভীৰ শোকত পেলাইছে, কিয়নো মই মোৰ প্ৰিয় বন্ধুক হেৰুৱাইছো! প্ৰতিবাৰেই তেওঁৰ লগত কথা পতাৰ সময়ত তেওঁ মোক অনুপ্ৰাণিত কৰিছিল, উৎসাহিত কৰিছিল আৰু প্ৰতিবাৰেই তেওঁৰ চৰিত্ৰৰ মহত্ত্ব আৰু অমূল্য মানৱতাই তেওঁৰ প্ৰতি মোৰ সন্মান বৃদ্ধিহে কৰিছিল(‘You’ll Always Remain In My Heart’)।”

মুকেশ আম্বানীয়ে কয় যে, “কোনো সন্দেহ নাই, ৰতন টাটাৰ মৃত্যুৰ লগে লগে দেশে হেৰুৱাইছে আটাইতকৈ মেধাৱী আৰু দয়ালু পুত্ৰ!” ৰতন টাকাই যেনেকৈ ভাৰতক বিশ্ব দৰবাৰত উপস্থাপন কৰিছিল, আনফালে তেওঁ এই দেশলৈ বিশ্বৰ শ্ৰেষ্ঠক আনিছিল(Mukesh Ambani’s emotional farewell to Ratan Tata)। তেওঁৱেই টাটা পৰিয়ালটোক এটা প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিছিল, ১৯৯১ চনত অধ্যক্ষ পদ গ্ৰহণ কৰাৰ পিছত টাটা গ্ৰুপৰ সমৃদ্ধি কমেও ৭০ গুণ বৃদ্ধি কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ ৰূপান্তৰিত কৰিছিল। ‘‘ৰিলায়েন্স, নীতা আম্বানি আৰু আম্বানি পৰিয়ালৰ হৈ টাটা পৰিয়াল আৰু টাটা গ্ৰুপৰ সদস্যসকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ৰতন, তুমি মোৰ মনত চিৰদিন থাকিবা”। ‘ওম শান্তি’!’’

লগতে পঢ়ক : Four abductors arrested in Lakhimpur : গোৱালপাৰাৰ লক্ষীপুৰত চাৰি দুধৰ্ষ অপহৰণকাৰীক গ্ৰেপ্তাৰ