গুৱাহাটী বিশ্ববিদ্যালয়ত মূকা অভিনয় কৰ্মশালা
নিউজ ডেস্ক, ২২ আগষ্ট : নতুন দিল্লীৰ সংগীত নাটক একাডেমীৰ আঞ্চলিক কেন্দ্ৰ সংগীত নাটক একাডেমী (Sangeet Natak Akademi) গুৱাহাটীয়ে ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ অধীনত ২৯ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰ, ২০২২ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ত (Gauhati University) এক মূকা অভিনয় (Mime) কৰ্মশালা আয়োজন কৰিব।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্লেটিনাম জয়ন্তী উদযাপন সমিতি আৰু PGSU ৰ সহযোগত সাতদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হ’ব। SNA-ৰ দ্বাৰা প্ৰদান কৰা উস্তাদ বিছমিল্লা খান যুৱ বঁটা প্ৰাপ্ত কুলদীপ পাটগিৰিয়ে মুখ্য ব্যক্তি (main resource person) হিচাপে কৰ্মশালাখন পৰিচালনা কৰিব। বিশিষ্ট মাইম শিল্পী আৰু এছএনএ বঁটা প্ৰাপক মইনুল হকও বিশিষ্ট অতিথি হিচাপে কৰ্মশালাৰ অংশগ্ৰহণ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ হ’ব ছাত্ৰ দিৱস গৃহত (Students’ Day Home)আৰু সময় আবেলি ৩ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ কৰ্মশালা অনুস্থিত হ’ব। আনহাতে সমাপ্তি অনুষ্ঠানটো ৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব য’ত অংশগ্ৰহণকাৰীসকলৰ দ্বাৰা উপস্থাপনসমূহ আয়োজন কৰা হ’ব।