Muharram Procession Tragedy in Jharkhand : মহৰমৰ তাজিয়া শোভাযাত্ৰাত বিদ্যুৎস্পৃষ্ট হৈ ৪ জনৰ মৃত্যু, ১০ জন আহত
![](https://mynewsne.com/wp-content/uploads/2023/07/পুৰবহকহুতচ-750x430.jpg)
নেশ্যনেল ডেস্ক,২৯ জুলাই : ঝাৰখণ্ডৰ বোকাৰো জিলাত শোকাৱহ ঘটনা(Muharram Procession Tragedy in Jharkhand) । বোকাৰোত মহৰমৰ সময়ত তাজিয়া শোভাযাত্ৰাৰ আয়োজন কৰা হয়(Muharram Procession Tragedy in Jharkhand) । সেই শোভাযাত্ৰাৰ সময়তে শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় । বিদ্যুৎস্পৃষ্ট হৈ প্ৰায় ৪ গৰাকী লোকৰ মৃত্যু হয় । আনহাতে ১০ জন আহত হয় তাৰে ৩ জনৰ অৱস্থা অতি সংকটজনক(Muharram Tazia tragedy in Jharkhand) ।
শনিবাৰে পুৱা ঝাৰখণ্ডৰ বোকাৰো জিলাত মুহৰৰাম শোভাযাত্ৰাৰ বাবে প্ৰস্তুতি চলাই থকা অৱস্থাত হাইটেনচনৰ তাঁৰৰ সংস্পৰ্শলৈ অহাত বিদ্যুৎস্পৃষ্ট হৈ ৪ জন লোক নিহত হোৱাৰ লগতে ১০জন আহত হয় । চিয়া সম্প্ৰদায়ে মহৰম উপলক্ষ্যে এই তাজিয়া কাৰ্যসূচীৰ আয়োজন কৰিছিল(Muharram 2023) ।
জানিব পৰা মতে বোকাৰো জিলাৰ পেটাৰৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত খেতকো এলেকাত চিয়া সম্প্ৰদায়ৰ দ্বাৰা উলিওৱা হৈছিল তাজিয়া শোভাযাত্ৰা (Tragic Incident at Jharkhand Muharram Procession)। য’ত বহু লোকে অংশগ্ৰহণ কৰিছিল । শোভাযাত্ৰাত ৰাস্তাৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে একাংশ লোকে প্ৰায় ১১,০০০ ভল্টৰ উচ্চ পৰিবাহী বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহে আৰু শোভাযাত্ৰাত অংশ লোৱা লোকসকলৰ প্ৰায় ১০ গৰাকী বিদ্যুৎস্পৃষ্ট হয় । বিদ্যুৎস্পৃষ্ট হোৱাৰ পাছতে তাজিয়া শোভাযাত্ৰাত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । এনে পৰিস্থিতিৰ মাজতে স্থানীয় লোকসকলে আহতসকলক চিকিৎসাৰ বাবে ডিভিচি বোকাৰো থাৰ্মেল চিকিৎসালয়লৈ প্ৰেৰণ কৰে । চিকিৎসালয়ত ভৰ্তি আহতসকলৰ ৩ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ।
ৰাজ্যৰ ৰাজধানী ৰাঁচীৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ নিলগৰ পেটাৰৱাৰ থানাৰ সীমাৰ অন্তৰ্গত খেটকো গাঁৱত লোহাৰে নিৰ্মিত ধৰ্মীয় পতাকা সজীৱ তাঁৰৰ সংস্পৰ্শলৈ অহাত এই ঘটনা সংঘটিত হয় বুলি বোকাৰোৰ আৰক্ষী অধীক্ষক প্ৰিয়াদৰ্শী আলোকে জানিবলৈ দিয়ে । আৰক্ষীয়ে জনোৱা অনুসৰি “শনিবাৰে পুৱা প্ৰায় ৬ বজাত মুহৰৰাম শোভাযাত্ৰাৰ বাবে সাজু হৈ থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। তেওঁলোকে ধৰ্মীয় পতাকা লৈ আছিল আৰু ইয়াৰ খুঁটাটো লোহাৰে তৈয়াৰ কৰা হৈছিল । ই কেনেবাকৈ ১১ হাজাৰ ভল্টৰ হাই টেনচন বিদ্যুৎ তাঁৰৰ সংস্পৰ্শলৈ আহিছিল। যাৰ বাবে বিদ্যুৎস্পৃষ্ট হয় ।
অৱশ্যে সমগ্ৰ ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে প্ৰতিবছৰে মহৰম উপলক্ষ্যে এই তাজিয়া শোভাযাত্ৰা বিভিন্ন স্থানত উলিওৱা হয় । তাৰ অংশ আছিল বোকাৰোৰ এই তাজিয়া শোভাযাত্ৰা । ইফালে সমগ্ৰ ঘটনাকলৈ ৰাজ্যজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।
লগতে পঢ়ক : Buldhana Bus accident : তীৰ্থযাত্ৰীৰ বাছ দুৰ্ঘটনাত পতিত, নিহত ৬, গুৰুতৰভাৱে আহত ২১