Local, Vocal, Global

Mrinal Saikia reaction after CM Himanta Biswa comment : মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ পিছতে বিধায়ক মৃণাল শইকীয়াৰ প্ৰত্যুত্তৰ

নিউজ ডেস্ক,৫জুন : মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ পিছতে বিধায়ক মৃণাল শইকীয়াৰ প্ৰত্যুত্তৰ ৷

প্ৰত্যুত্তৰ বিধায়ক মৃণাল শইকীয়াই কয় বিজেপি দল ত্যাগ নকৰে খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই ৷ মুখ্যমন্ত্ৰীগৰাকীৰ সোঁৱে-বাঁৱে থকা লোকসকলৰ উচতনিৰ বাবেই এনে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷

উল্লেখ্য যে, মঙলবাৰে খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়া ফেচবুকত কৰা এটা পোষ্টৰ পিছতে ৰাজনৈতিক মহলত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । মুখ্যমন্ত্ৰী শৰ্মাই কয় বিধায়ক মৃণাল শইকীয়া হয়তো বিজেপিত বেছিদিন নাথাকিব ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে কয় যে, মৃণাল শইকীয়াই প্ৰথমে প্রধানমন্ত্রীক অভিনন্দন নজনাই, গৌৰৱ গগৈক অভিনন্দন জনাইছে তেওঁ হয়তো বিজেপিত বেছিদিন নাথাকিব। আমাৰ দললৈ যেনেকৈ কংগ্রেছী আহিছে, বিজেপিৰো দুই এজন কংগ্রেছলৈ যাব। তাৰ পিছতেই সামাজিক মাধ্যমত বিধায়কগৰাকী প্ৰসংগত যথেষ্ট চৰ্চা হৈছিল( Mrinal Saikia reaction after CM Himanta Biswa comment)৷

ইয়াৰ পিছতে ছচিয়েল মিডিয়াত মৃণাল শইকীয়াই পুনৰ এটা পোষ্ট কৰি প্ৰত্যুত্তৰ দিয়ে। অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানিৰ এখন ফটোৰ সৈতে মৃণাল শইকীয়াই লিখিছে, ‘‘মই এইসকল মহান নেতাৰ দ্বাৰা অনুপ্ৰাণিত হৈ বিজেপিত যোগদান কৰিছিলো, যিয়ে আমাক আনক সন্মান কৰিবলৈ শিকাইছিল। কিন্তু আজি মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকিলো যে বিৰোধীৰ কাৰোবাক অভিনন্দন জনোৱাতো বৰ্তমান এক অপৰাধ।’’

ইয়াৰ পিছতে মৃণাল শইকীয়াই স্পষ্ট কৰে যে তেওঁ বিজেপি দল ত্যাগ নকৰে। তেওঁ কয় বিৰোধী দল হ’ল বুলিয়ে কোনোবা শত্ৰু হৈ পৰিব তেনে নহয়। তৰুণ গগৈৰ পৰিয়ালৰ সৈতে তেওঁৰ সম্পৰ্ক বহুদিনীয়া।

১৯৯৮ চনতেই তেতিয়াৰ কলিয়াবৰ লোকসভা সমষ্টিত তৰুণ গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল বিধায়ক মৃণাল শইকীয়াই৷ তেতিয়াৰ পৰাই তৰুণ গগৈৰ পৰিয়ালৰ সৈতে সুসম্পৰ্ক থকাৰ কথা উল্লেখ কৰে বিধায়কগৰাকীয়ে৷ গৌৰৱ গগৈক শুভেচ্ছা জনোৱাটো অতি নগন্য কথা বুলি উল্লেখ বিধায়ক মৃণাল শইকীয়াৰ৷

লগতে পঢ়ক : Elephant menace in Kaliabor : কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ;নিশা ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে দুটাকৈ বাসগৃহ