MP Naba Kumar Sarania : জাতিগত পত্ৰৰ বিসংগতিৰ বাবে শৰণীয়াৰ মনোনয়ন বাতিল
নিউজ ডেস্ক,২১ এপ্ৰিল : কোকৰাঝাৰত বাতিল নৱ শৰনীয়াৰ মনোনয়ন ।’২৪ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰে নৱ শৰনীয়াই । জাতিগত পত্ৰৰ বিসংগতিৰ বাবে শৰণীয়াৰ মনোনয়ন বাতিল কৰিলে নিৰ্বাচনী আয়োগে( MP Naba Kumar Sarania )।
উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান অনুসৰি, নৱ কুমাৰ শৰণীয়াই জাতিগত যি প্ৰমাণ পত্ৰ দাখিল কৰিছিল সেৱা ভুৱা প্ৰমাণ-পত্ৰ । জালিয়াতিৰে প্ৰমাণপত্ৰ প্ৰস্তুত কৰি দাখিল কৰা বুলি উল্লেখ হাইকৰ্টৰ। ইয়াৰ লগে লগে কোকৰাঝাৰ লোকসভা সমষ্টিত শৰণীয়াই প্ৰাৰ্থিত্ব আগবঢ়াব নোৱাৰিব বুলি ১০০শতাংশ নিশ্চিত হৈছিল ।
তৎসত্বেও শৰণীয়াই সদলবলে দাখিল কৰিছিল মনোনয়ন। কিন্তু শেহতীয়াকৈ নিৰ্বাচনী আয়োগে শৰণীয়াৰ মনোনয়ন অগ্ৰাহ্য কৰে।
লগতে পঢ়ক : Repolling at 11 polling stations in Manipur on April 22 : ২২ এপ্ৰিলত মণিপুৰত পুনৰ অনুষ্ঠিত হব ভোটগ্ৰহণ