MP Gaurav Gogoi visit bihali : বিহালীৰ ঐতিহ্যমণ্ডিত গাংমৌ থানত সেৱা ল’লে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে

নিউজ ডেস্ক,২৪ছেপ্তেম্বৰ : ৰাজ্যত বলিছে উপ-নিৰ্বাচনৰ বতাহ৷ ৰাজ্যৰ প্ৰান্তত উপনিৰ্বাচনক কেন্দ্ৰ কৰি আৰম্ভ হৈছে নিৰ্বাচনী ৰাজনীতি ।
সোমবাৰে দুদিনীয়া কাৰ্যসূচীৰে বিহালী বিধানসভা সমষ্টিত উপস্থিত হয় লোকসভাৰ উপ-দলপতি তথা যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ ৷ বিহালীত দুদিনীয়া কাৰ্যসূচীৰে সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ দলীয় প্ৰচাৰ আৰম্ভ কৰে(MP Gaurav Gogoi visit bihali) ৷
আজি বিহালীৰ ঐতিহ্যমণ্ডিত গাংমৌ থানত সেৱা ল’লে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে।
ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত অনুষ্ঠিতৱ্য বিহালী উপ নিৰ্বাচনৰ পৰিচালনা কৰাৰ নেতৃত্ব লাভ কৰাৰ পিছৰে পৰা বিহালীত দ্বিতীয় বাৰলৈ ভৰি দিছে সাংসদ গৌৰৱ গগৈ৷
উল্লেখ্য যে বিহালীত সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত বিশ্বনাথ জিলা কংগ্ৰেছ সভাপতি দিলীপ কুমাৰ বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰেমলাল গঞ্জু , বিশ্বনাথ জিলা কংগ্ৰেছ মুখপাত্ৰ তুষাৰ বৰা, ৰাজ্যিক মুখপাত্ৰ বৰ্ণালী বৰা , সাধাৰণ সম্পাদক মনোজ গৌতম , বিশ্বনাথ জিলা উপ সভাপতি প্ৰনৱ কুমাৰ চৌধুৰী(পিংকু) আদি বহু কেইগৰাকী কংগ্ৰেছ নেতা-কৰ্মীয়ে সংগ দিয়ে৷
লগতে পঢ়ক : Rezina begum converted to hindu : ৰঙিয়াৰ ৰেজিনা বেগমে ইছলাম ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিলে হিন্দু ধৰ্ম