MP Dilip Saikia appointed BJP whip to Lok Sabha : দৰং-ওদালগুৰিৰ লোকসভাৰ সাংসদ দিলীপ শইকীয়াক বিজেপিৰ হুইপ হিচাপে নিযুক্তি

নিউজ ডেস্ক,৩০জুলাই : দৰং-ওদালগুৰিৰ লোকসভাৰ সাংসদ দিলীপ শইকীয়াক বিজেপিৰ হুইপ হিচাপে নিযুক্তি । ২৯জুলাইত লোকসভাত দলটোৱে এজন মুখ্য হুইপ আৰু ১৬জন হুইপ নিযুক্তি দিছে। লোকসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰা হৈছে লোকসভাত বিজেপিৰ মুখ্য হুইপ হ’ব ড০ সঞ্জয় জয়চোৱাল(MP Dilip Saikia appointed BJP whip to Lok Sabha)।
তেওঁৰ উপৰিও আন ১৬গৰাকী হুইপ হ’ল- দিলীপ শইকীয়া, গোপালজিত ঠাকুৰ, সন্তোষ পাণ্ডে, কমলজিত শ্বেৰাৱট, ডি এল পেটেল, ডি চৌহান, যুগল কিশোৰ শৰ্মা, কে এছ পূজাৰী, সুধীৰ গুপ্তা, স্মৃতা উদয় ৱাঘ, অনন্ত নায়ক, দামোদৰ আগৰৱাল, কেৰী ৰেড্ডী, চত্তীশ কুমাৰ গৌতম, শশাংক মানী আৰু খগেন মুৰ্মু।