Local, Vocal, Global

MP court issues permanent arrest warrant against Lalu Yadav in 1990s arms case : বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

নেশ্যনেল ডেস্ক,৬মাৰ্চ : বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি ।

জানিব পৰা মতে, ১৯৯৭ চনৰ অস্ত্ৰআইনৰ অধীনত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে। গোৱালিয়ৰ আদালতে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা।

উল্লেখ্য যে, মধ্যপ্ৰদেশত ইন্দৰগঞ্জ থানাত ৰুজু হৈছিল এই গোচৰ। লালু প্ৰসাদ যাদৱসহ ২৩ অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে আৰক্ষীয়ে। ১৯৯৫-৯৭ চনৰ ভিতৰত অবৈধভাৱে অস্ত্ৰ ক্ৰয় কৰাৰ গোচৰত অভিযুক্ত বিহাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ। ভুৱা তথ্য প্ৰদান কৰি অস্ত্ৰ ক্ৰয় কৰাৰ অভিযোগ লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে। লালু প্ৰসাদ যাদৱৰ হৈ আদালতত কোনো উপস্থিত নোহোৱাৰ বাবে পলাতক ঘোষণা কৰিছিল আদালতে(MP court issues permanent arrest warrant against Lalu Yadav in 1990s arms case)।

গোৱালিয়ৰ MP-MLA বিশেষ ন্যায়িক দণ্ডাধীশ মহেন্দ্ৰ সিঙৰ আদালতৰ পৰা অভিযুক্ত লালু প্ৰসাদ যাদৱৰ স্থায়ী গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰা হৈছে বুলি গোৱালিয়ৰ MP-MLA আদালতৰ এডিপিঅ’ অভিষেক মেহৰোত্ৰাই জানিবলৈ দিয়ে।

লগতে পঢ়ক : Mother of late sub-inspector Junmoni Rabha withdraws case : মই জানো কেছ খেলি মই জিকিব নোৱাৰো; মোৰ মানুহৰ অভাৱ, টকাৰ অভাৱ-জোনমণি ৰাভাৰ মাতৃ