CM Mohan Yadav to expand Cabinet : আজি মধ্যপ্ৰদেশৰ নতুন মন্ত্ৰীসভাৰ ২৮গৰাকী মন্ত্ৰীয়ে ল’ব শপত গ্ৰহণ
নেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ : আজি মধ্যপ্ৰদেশত ২৮গৰাকী মন্ত্ৰীয়ে ল’ব শপত । সোমবাৰে আবেলি ৩.৩০ বজাত মন্ত্ৰীসভাত ২৮গৰাকীকৈ নতুন মন্ত্ৰীয়ে গ্ৰহণ কৰিব শপত(CM Mohan Yadav to expand Cabinet) ।
সোমবাৰে হ’ব লগা শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ মোহন যাদৱে ৰাজভৱনত পুৱাই ৰাজ্যপাল মংগুভাই পেটেলক ২৮ গৰাকী নতুন মন্ত্ৰীৰ তালিকা প্ৰদান কৰে ।
জানিব পৰা মতে ২৮ গৰাকী মন্ত্ৰী ভিতৰত ড০ মোহন যাদৱৰ মন্ত্ৰীসভাত ১৮ গৰাকী কেবিনেট মন্ত্ৰী, ৪ গৰাকী ৰাজ্যিক মন্ত্ৰী আৰু ৬ গৰাকী ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব । মোহন যাদৱৰ মন্ত্ৰীসভাত জ্যেষ্ঠ আৰু কনিষ্ঠ মন্ত্ৰীসকলৰ সংমিশ্ৰণ দেখা যাব লগতে প্ৰতিটো লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰাকৈ কেবিনেট গঠন কৰা হৈছে(MP cabinet to be expanded today, many new faces likely) ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ আৰু দুগৰাকী উপ মুখ্যমন্ত্ৰী জগদীশ দেওৰা আৰু ৰাজেন্দ্ৰ শুক্লাই শপত গ্ৰহণ কৰাৰ পিছৰে পৰা কেবিনেটক লৈ ব্যাপক চৰ্চা চলি আছিল। যোৱা তিনিদিন ধৰি দিল্লীত হাইকমাণ্ডৰ সৈতে কেবিনেট সন্দৰ্ভত চিন্তা-চৰ্চা চলি আছিল । সংসদৰ জ্যেষ্ঠ নেতাসকলক কেবিনেটত অন্তৰ্ভুক্ত কৰা আৰু তেওঁলোকৰ প্ৰ’ফাইল সন্দৰ্ভতো আলোচনা কৰা হৈছিল ।
জানিব পৰা মতে, ৰাজ্যপালক মন্ত্ৰীসকলৰ তালিকা দিয়াৰ পিছতে মন্ত্ৰীসকলৰ ওচৰলৈ ফোন আহিবলৈ আৰম্ভ হৈছে । মন্ত্ৰীসভাৰ সম্ভাব্য তালিকাত এইসকল নেতাৰ নাম আছে । কৈলাশ বিজয়বৰ্গীয়া, প্ৰহ্লাদ সিং পেটেল, ৰাকেশ সিং, ৰাও উদয় প্ৰতাপ সিং, বিশ্বাস সাৰঙ্গ, তুলসী চিলাৱত, ৰাকেশ শুক্লা, নাৰায়ণ সিং কুশৱাহা, প্ৰদুম্ন সিং তোমাৰ, কৃষ্ণ গৌৰ, ইন্দল সিং কংসনা, সম্পতিয়া উইকে, ব্ৰজেন্দ্ৰ প্ৰতাপ সিং, চেতন কাশ্যপ, ইন্দ্ৰ সিং পৰ্মাৰ নাম তালিকাত আছে । শপত ল’ব পৰা আন মন্ত্ৰীসকল হ’ল অৰ্চনা চিটনিচ, গোপাল ভাৰ্গৱ, গায়ত্ৰী পাৱাৰ, সঞ্জয় পাঠক, হেমন্ত খাণ্ডেলৱাল, নিৰ্মলা ভূৰিয়া, ৰীতি পাঠক, নগৰ সিং চৌহান, শৈলেন্দ্ৰ জৈন আৰু হৰিশংকৰ খটিক(CM Mohan Yadav to expand Cabinet, induct 28 ministers today) ।
মধ্যপ্ৰদেশত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ ব্যাপক কৌতূহলে বিৰাজ কৰিছে । ইয়াৰ মাজতে সোমবাৰে মন্ত্ৰীসভাত আবেলি ৩.৩০ বজাত প্ৰায় ২৮ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব ।