Moving car caught fire in Dhubri :দাউ দাউকৈ জ্বলি উঠিল চলন্ত চাৰিচকীয়া বাহন
ধুবুৰী,৭অক্টোবৰ : ভয়ংকৰ ঘটনা । দাউ দাউকৈ জ্বলি উঠিল চলন্ত চাৰিচকীয়া বাহন ।
ধুবুৰী বঙাইগাঁও জিলাৰ সীমান্তবৰ্তী নিত্যবজাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ।
বঙাইগাঁও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত দাও দাওকৈ জ্বলি উঠিল চলন্ত চাৰিচকীয়া বাহন।অগ্নিকাণ্ডৰ পিছতে হাহাকাৰ ময় পৰিবেশৰ সৃষ্টি অঞ্চলজুৰি।অগ্নিকাণ্ডত জ্বলি ভস্মীভূত হয় TATA VISTA চাৰিচকীয়া বাহনখন।ভস্মীভূত হোৱা বাহনখনৰ নম্বৰ হৈছে AS-16-B-6909।সৌভাগ্য ক্ৰমে বাহনখনত থকা চালক জন গাড়ীৰ পৰা নামি যায় আৰু নিজৰ জীৱন ৰক্ষা কৰে(Moving car caught fire in Dhubri)।
যান্ত্ৰিক বিজুতিৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ ৰাইজৰ।