Local, Vocal, Global

Motorcycle used in Dhing Case Recovered :ধিং কাণ্ডত ব্যৱহৃত মটৰ চাইকেল উদ্ধাৰ

নিউজ ডেস্ক,৯ছেপ্তেম্বৰ : ধিং কাণ্ডত ব্যৱহৃত মটৰ চাইকেল উদ্ধাৰ। AS 01P 1695 নম্বৰৰ এখন পালছাৰ মটৰ চাইকেল উদ্ধাৰ ।

তিনি নৰপিশাচে AS 01P 1695 নম্বৰৰ এখন পালছাৰ মটৰ চাইকেল আহি দুষ্কৰ্ম সংঘটিত কৰিছিল নাবালিকাগৰাকী লগত। মটৰ চাইকেলখন আছিল অভিযুক্ত ফৰিদুল ইছলামৰ। তাফাজ্জুল ইছলাম আৰু গোলাপ উদ্দিনো আহিছিল এইখন মটৰ চাইকেলতে। এই কথা স্বীকাৰ কৰে ফৰিদুল ইছলাম আৰু গোলাপ উদ্দিনে(Motorcycle used in Dhing Case Recovered)।

জানিব পৰা মতে,এই ঘটনা সংঘটিত কৰিয়ে ফৰিদুলে প্ৰথম নিশা কটাইছিল মৈৰাবাৰীৰ শগুণবাহীৰ ভিনিয়েকৰ ঘৰত। ভিনিহীয়েক আতাবুৰ ৰহমান বৰ্তমান পলাতক। ঘটনা সংঘটিত হোৱাৰ পিছতেই ভিনিহীয়েক আতাবুৰ ৰহমানে তথ্য প্ৰমাণ নষ্ট কৰিবলৈ মটৰ চাইকেলখন নিজে খুলি মেলি কিছু অংশ বিক্ৰী কৰে কাৱাৰীক। অবশিষ্ট অংশ আৰু মটৰ চাইকেলৰ নম্বৰ প্লেট ধিং আৰক্ষীয়ে আতাবুৰ ৰহমানৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ধিং কাণ্ডত জড়িত তিনি অভিযুক্ত তাফাজ্জুল ইছলামৰ ইতিমধ্যে পানীত পৰি মৃত্যু হয় আৰু দুই অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপ উদ্দিনে আত্মসমৰ্পন কৰাৰ পিছত বৰ্তমান নগাঁও আৰক্ষীৰ জিম্মাত আছে।

লগতে পঢ়ক :Youth Drowns to Death in Brahmaputra River : গুৱাহাটীৰ উজান বজাৰত ব্ৰহ্মপুত্ৰত উদ্ধাৰ যুৱকৰ মৃতদেহ