Local, Vocal, Global

Mother’s Day 2024: আজি মাতৃ দিৱস; প্ৰতিগৰাকী মাতৃলৈ ‘মাতৃ দিৱস’ৰ শুভেচ্ছা

নিউজ ডেস্ক,১২মে’ : মাত্ৰ এটা শব্দ ‘মা’ । ‘মা’ প্ৰতিজন মানুহৰ জীৱনৰ এক অমূল্য, অতুলনীয়, মৰমৰ ব্যক্তি। মাতৃৰ অবিহনে এখন ঘৰ, মানুহৰ জীৱন সকলো আধৰুৱা। মাতৃৰ মৰম, স্নেহ, তেওঁৰ কষ্ট, ত্যাগৰ সমান আন কোনো লোকৰ মৰম হ’ব নোৱাৰে। এটা বৰ্ণৰে গঠিত এই শব্দটোতেই লুকাই আছে প্ৰতিজন সন্তানৰ বাবে সঞ্জিৱনী সুধা(Mother’s Day 2024) ।

মমতাময়ী মাতৃক বাদ দি কল্পনাই কৰিব নোৱাৰি এই বিনন্দীয় পৃথিৱীৰ এটা প্ৰজন্মৰ পৰা অন্য প্ৰজন্মলৈ প্ৰবাহিত হৈ থকা সৃষ্টিৰ ধাৰা । জীৱনদায়িনী মাতৃৰ স্থান এই পৃথিৱীত কাৰো সৈতে তুলনা নহয় । মা অনন্য, মা একক ।
মাৰ ঋণ প্ৰতিজন সন্তানে কোনো কালেই কোনো দিনে পৰিশোধ নোৱাৰে । প্ৰতিজন সন্তানেই মাতৃৰ ওচৰত চিৰকৃতজ্ঞ, চিৰঋণী, ।

মাতৃক সন্মান জনোৱাৰ বাবে প্ৰতিটো দিনেই আমি তেওঁক বিশেষ অনুভৱ কৰোৱাব লাগে। তেওঁ যে আমাৰ জীৱনৰ বাবে কিমান মৰমৰ, কিমান আদৰৰ আৰু তেওঁৰ কষ্ট, সাধনা, মৰমেৰে আমি কিমান ধন্য সেইয়া আমি বিভিন্ন ধৰণৰে মাতৃক কোৱাৰ, দেখুওৱাৰ প্ৰয়োজন। সন্তানৰ অকণমান মৰমে মাকৰ মন সুখী কৰি ৰাখে।

মাতৃ দিৱস হৈছে এনে এক দিন যি সমগ্ৰ বিশ্বতে গুৰুত্বপূৰ্ণ কিয়নো ই মানুহক মাতৃ আৰু অন্যান্য মাতৃসুলভ ব্যক্তিসকলে তেওঁলোকৰ সন্তানক দিয়া নিস্বাৰ্থ মৰম আৰু যত্নক চিনাক্ত আৰু প্ৰশংসা কৰাৰ এক বিশেষ সুযোগ দিয়ে। এই অনুষ্ঠানটোৱে মাতৃসকলক তেওঁলোকৰ সন্তানৰ জীৱনক পথ প্ৰদৰ্শন কৰাত তেওঁলোকৰ নিষ্ঠা আৰু নিস্বাৰ্থতাৰ বাবে সন্মানিত কৰে।

এই মাতৃ দিৱস ১৯১৪ চনত আনা জাৰ্ভিছৰ প্ৰচেষ্টাত পোন প্ৰথমবাৰৰ বাবে মাতৃ দিৱস আমেৰিকা যুক্তৰাষ্ট্ৰত আনুষ্ঠানিকভাবে উদযাপন কৰা হয় । তেতিয়াৰে পৰা সমগ্ৰ বিশ্বৰ বহুতো দেশে প্ৰতি বছৰৰ মে’ মাহৰ দ্বিতীয় দেওবাৰৰ দিনটোক মাতৃ দিৱস হিচাপে উদযাপন কৰি আহিছে । মাতৃ দিৱসৰ আজিৰ এই শুভ দিনটোত প্ৰতিগৰাকী মাতৃলৈ জনালো সশ্ৰদ্ধ প্ৰণাম ।