Local, Vocal, Global

আজি মাতৃ দিৱস

নিউজ ডেস্ক, ৮ মে’- মাতৃ দিৱস হৈছে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদযাপন কৰা এক দিৱস। ইয়াৰ দ্বাৰা, মাতৃ, মাতৃত্ব, সমাজলৈ মাতৃৰ ভূমিকা আৰু শিশু তথা মাতৃৰ সম্পৰ্কক সোঁৱৰা হয়। পৃথিৱীৰ বিভিন্ন দেশ সমূহে বিভিন্ন সময়ত এই দিৱস উদযাপন কৰা দেখা যায়। বিশেষকৈ মাৰ্চ আৰু মে মাহত এই দিৱস পালন কৰা হয়। 

প্ৰথমবাৰৰ বাবে আধুনিক মাতৃ দিৱস ১৯০৮ চনত পশ্চিম ভাৰ্জিনিয়াত আন্না জাৰ্ভিছে মাতৃ গ্ৰাফটনৰ স্মৃতিত পালন কৰে। অৱশ্যে ই অন্যান্য পৰম্পৰাগত অনুষ্ঠান(যি সমূহ বিশ্বই পৰম্পৰাগত ভাৱে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি পলন কৰে)ৰ সৈতে একে নহয়।

মানৱীয় সম্পৰ্ক বোৰৰ ভিতৰত আটাইতকৈ উচ্চ তথা শ্ৰেষ্ঠ সম্পৰ্ক হ’ল মাক আৰু সন্তানৰ সম্পৰ্ক ৷ সন্তানক জন্ম দি তুলি তালি ডাঙৰ দীঘল কৰি ভৱিষ্যতৰ উপযুক্ত ব্যক্তি কৰি গঢ়ি তোলালৈকে এগৰাকী মাকে অপৰিসীম ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিবলগীয়া হয় ৷ শাস্ত্ৰত কৈছে মাতৃ দেৱো ভৱ , পিতৃ দেৱো ভৱ , আচাৰ্য দেৱো ভৱ ৷ এজন পিতৃ এশজন আচাৰ্যৰ সমান , কিন্তু এগৰাকী মাতৃ এশজন পিতৃৰ সমতুল্য ৷

প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত মাতৃৰ স্থান সদায়ে অনন্য আৰু অদ্বিতীয় ৷ মহাকাব্যৰ যুগৰ পৰা আমি লক্ষ্য কৰিলে দেখিবলৈ পাওঁ যে বিভিন্নজন যুগদ্ৰষ্টাৰ জীৱনত তেওঁলোকৰ মাতৃসকলৰ প্ৰভাৱ লক্ষণীয় ৷