Local, Vocal, Global

Mother-Toddler Killed In Road Accident In Moran : এক মৰ্মান্তিক দুৰ্ঘটনা; মৃত্যু মাতৃ আৰু কণমানি কন্যা সন্তান

নিউজ ডেস্ক,২৩ এপ্ৰিল : এক মৰ্মান্তিক দুৰ্ঘটনাত মৃত্যু মাতৃ আৰু কণমানি কন্যা সন্তানৰ ।

মৰাণৰ ঝলমত শোকাৱহ পথ দুৰ্ঘটনা। মঙলবাৰে পুৱা প্ৰায় ৫বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ।

জানিব পৰা মতে, পথত ৰৈ থকা এখন ট্ৰাকৰ পিছফালৰ পৰা খুন্দা মাৰে ৱেগনাৰ বাহনে। ফলত ঘটনাস্থলীতে নিহত হয় মাতৃ আৰু কন্যা ।

নিহত দুই মাতৃ-কন্যা মৰাণৰ খুমটাই সেউজপুৰৰ ববী আখটাৰ (৩৪)৷ আনহাতে গুৰুতৰভাৱে আহত মহিলাগৰাকীৰ প্ৰায় ৩বছৰীয়া কন্যাসন্তানটি চিকিৎসালয়লৈ নিয়াৰ সময়তে মৃত্যক আঁকোৱালি লয়(Mother-Toddler Killed In Road Accident In Moran) ৷

গুৱাহাটীৰ পৰা এ এছ ০১ কিউ চি ৩৮৩১নম্বৰৰ এখন ভাৰা গাড়ীত মৰাণলৈ আহি আছিল মাতৃ-কন্যা ৷ মৰাণৰ ঝলমৰ সমীপত পথৰ ওপৰত ৰৈ থকা এইছ আৰ৫৮ডি ৬৭৬৭ নম্বৰৰ ট্ৰাকখন অতিক্ৰম কৰাৰ সময়তে সংঘটিত হয় ভয়ংকৰ দূৰ্ঘটনাটো ৷