Mother son duo found dead in Nalbari : ৰহস্যৰ আৱৰ্তত নলবাৰীৰ মাতৃ-পুত্ৰৰ মৃত্যুৰ ঘটনা
নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী : হত্যা নে আত্মহত্যা? এতিয়াও ৰহস্যৰ আৱৰ্তত নলবাৰীৰ মাতৃ-পুত্ৰৰ মৃত্যুৰ ঘটনা। বৰ্তমানলৈ পোহৰলৈ অহা নাই মাতৃ পুত্ৰৰ মৃত্যুৰ ৰহস্য ।বৰ্তমানলৈ সন্দানহীন হৈ আছে জগদীশ হালৈ। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ অহা নাই ঘটনাৰ সবিশেষ(Mother-son duo found dead) ।
উল্লেখ্য যে, সোমবাৰে নিশা নলবাৰীত এটা ঘৰৰ ভিতৰতে উদ্ধাৰ হৈছিল মাতৃ-পুত্ৰৰ মৃতদেহ। মৃত লোককেইজন কবিতা হালৈ আৰু তেওঁৰ পুত্ৰ হৃষিকেশ কাশ্যপৰ বুলি জানিব পৰা গৈছে। নিজ শোৱণি কোঠাতে উদ্ধাৰ হৈছিল মাতৃ পুত্ৰৰ মৃতদেহ। তাৰ পিছতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছিল । এই সমগ্ৰ ঘটনাটো ভুক্তভোগীৰ পৰিয়ালৰ লোকে স্বামী জগদীশ হালৈয়ে পত্নী আৰু পুত্ৰক বিহ খুৱাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
তাৰ পিছতে আৰক্ষীয়ে স্বামী জগদীশ হালৈক বিচাৰি অভিযান চলাই আছে(Mother son duo found dead in Nalbari ) ।
কিন্তু মাতৃ-পুত্ৰৰ মৃত্যুৰ ৪৮ ঘণ্টাৰ পাছতো উদ্ধাৰ হোৱা নাই জগদীশ হালৈ। দুয়োগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পূৰ্বৰে পৰা নিখোজ হৈ আছে জগদীশ হালৈ।
লগতে পঢ়ক : Manipur Student’s Union President Abducted : সদৌ মণিপুৰ ছাত্ৰ সন্থা’ৰ সভাপতিক অপহৰণ