Local, Vocal, Global

Mother of three children goes missing in Karbi Anglong district : ৭ দিনে সন্ধানহীন হাওৰাঘাটৰ এগৰাকী মহিলা

নিউজ ডেস্ক,১৫জুন : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(Mother of three children goes missing in Karbi Anglong district)।

বিগত ৭ দিনে সন্ধানহীন হাওৰাঘাটৰ এগৰাকী মহিলাৰ। কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ নিকটৱৰ্তী দুমুখী দীঘল পানী গাঁৱৰ কোঁৱৰৰ চুবুৰীৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে।

জানিব পৰা মতে, যোৱা দেওবাৰে ঔষধ আনিবলৈ বুলি হাওৰাঘাটৰ বজাৰলৈ গৈছিল ৩০ বছৰীয়া বোৱাৰী ৰাখী কোঁৱৰআৰু আজিলৈকে উভতি নাহিল ঘৰলৈ। এটি কেঁচুৱাসহ তিনি সন্তানক ঘৰত এৰি থৈ বজাৰলৈ ঔষধ আনিবলৈ যোৱা ৰাখি কোঁৱৰ যোৱা ৭ দিন ধৰি নিখুঁজ হৈ আছে। ঘৰলৈ ওভতি নহাত পৰিয়ালৰ লোকে বহু বিচাৰে যদিও কোনো ধৰণৰ সন্ধান উলিয়াবলৈ সক্ষম নহয়।

উপাইহীন হৈ পৰিয়ালৰ লোকে হাওৰাঘাট আৰক্ষীক সমস্ত বিষয়টো অৱগত কৰি এখন এজাহাৰ দাখিল কৰে।পৰিয়ালৰ লোকে প্ৰশাসন আৰু আৰক্ষীক বিনম্ৰ আহ্বান জনায় যে, তিনি সন্তানৰ মাতৃ বোৱাৰীগৰাকীক ঘৰলৈ উভতাই আনে(Mother of three children goes missing in Karbi Anglong district) ।

লগতে পঢ়ক : PM Modi Departs Italy After ‘Very Productive’ G7 Summit : ইটালী ভ্ৰমণ সামৰি ভাৰতলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী