Local, Vocal, Global

Mother of late sub-inspector Junmoni Rabha withdraws case : মই জানো কেছ খেলি মই জিকিব নোৱাৰো; মোৰ মানুহৰ অভাৱ, টকাৰ অভাৱ-জোনমণি ৰাভাৰ মাতৃ

নিউজ ডেস্ক,৬মাৰ্চ : অৱশেষত জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই উঠাই ল’লে ৰুজু কৰা গোচৰ। জখলাবন্ধা থানাত ৰুজু হৈ আছিল ৮৪/২৩, ৮৭/২৩ নম্বৰৰ গোচৰ। সুমিত্ৰা ৰাভাই উঠাই ল’লে ৮৭/২৩ নম্বৰৰ গোচৰ(।ব্যক্তিগত অসুবিধাৰ বাবে সুমিত্ৰা ৰাভাই ৮৭/২৩ নং গোচৰটো উঠাই লোৱাৰ বাবে আবেদন কৰে(Mother of late sub-inspector Junmoni Rabha withdraws case)।

জোনমনি ৰাভাৰ মাতৃয়ে গোটৰ উঠাই লৈ মন্তব্য কৰে…

মোৰ স্বাস্থ্য বেয়া, মই জখলাবন্ধালৈ গৈ কেছ খেলিব নোৱাৰো।

মোৰ মানুহৰ অভাৱ, টকাৰ অভাৱ।

মই জানো কেছ খেলিলেও জিকিব নোৱাৰো।

কোনোবাই ভাবিব পাৰে মই টকা লৈছো। কিন্তু এক টকাও লোৱা নাই মই।

চিবিআইও তদন্ত শেষ হ’ল বুলি কলে, তেওঁলোকে কেৱল দুৰ্ঘটনা বুলি হে ক’লে।

আন এটা গোচৰ চলি থাকিব। সেইটো গোচৰত সহায় কৰিম।

কিন্তু অসম আৰক্ষীৰ ওপৰত মোৰ অলপো বিশ্বাস নাই।

যি কৰিছে আৰক্ষীয়ে কৰিলে সকলো।

যিসকলৰ নাম দিছিলো, তেওঁলোকে শাস্তি পোৱাটো বিচাৰিছিলো। কিন্তু একো নহ’ল।

চিবিআই মোৰ ওচৰত তথ্য বিচাৰি আহে। কিন্তু মোৰ লগত কি তথ্য থাকিব ?

মই জনাখিনি কৈছিলো ।

লগতে পঢ়ক : Sahitya Akademi Award Winner Dr Pranabjyoti Deka Passes Away : বিশিষ্ট সাহিত্যিক তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক ড০ প্ৰণৱ জ্যোতি ডেকাৰ দেহাৱসান