Local, Vocal, Global

Mother hacks her three children to death : জন্মদাত্ৰী মাতৃয়ে দাৰে ঘপিয়াই হত্যা কৰিলে তিনি সন্তানক

কৰিমগঞ্জ,৮ এপ্ৰিল : প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত মাতৃৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। মাতৃয়ে এটি সন্তানক পৃথিৱীলৈ অনাই নহয় সন্তানটিক মাতৃয়ে শিক্ষক আৰু বন্ধু হৈ বহু কথাৰে জ্ঞান দিয়ে। মাতৃৰ ওচৰত সকলো সন্তানে নিৰাপত্তা অনুভৱ কৰে(Mother hacks her three children to death)।

এই মমতাময়ী মাতৃৰ ধাৰ কোনো কালেই পৰিশোধ কৰিব নোৱাৰে কোনোয়ে। মাতৃ মমতাৰ মূৰ্ত প্ৰতীক।

কিন্তু সেয় মমতাময়ী মাতৃ যেতিয়া পাশৱিক হয় ! সেই মমতাময়ী মাকৰ বুকুত যেতিয়া দানৱীয় সত্বাই থিতাপি লয়,মাতৃ যদি নিদাৰুণ হয়,কোনে দিব সন্তানক নিৰাপত্তা((In a Horrific Incident)।

সন্তানৰ লগত অনৈতিক কাম কৰোতে যেতিয়াই নকঁপে মাতৃৰ দুই হাত( Mother hacks her three children to death in Karimganj)।

এক অমানৱীয় কাণ্ড সংঘটিত হৈছে কৰিমগঞ্জত।

কৰিমগঞ্জত শোৱাপাটীতে তিনি সন্তানক হত্যা কৰি মাতৃৰো চৰম পন্থা অৱলম্বনৰ চেষ্টা । ৰামকৃষ্ণ নগৰৰ দুলুগাংগে গাঁৱত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰৰ শ্বাহেনা আফ্ৰেজা নামৰ মহিলা গৰাকীয়ে হত্যা কৰিলে ৩ সন্তানক। দাৰে নিজ সন্তানক হত্যা কৰে শ্বাহেনাই । হত্যাকাণ্ড সংঘটিত কৰাৰ সময়ত ঘৰত নাছিল শ্বাহেনাৰ স্বামী। স্বামী দোকানলৈ যোৱাৰ সময়তে শ্বাহেনাই সংঘটিত কৰে এই ভয়ংকৰ ঘটনাটো ।এই ভয়ংকৰ ঘটনাটো সংঘটিত কৰি ৭ বছৰীয়া ননদকো আক্ৰমণ কৰে হত্যাকাৰী শ্বাহেনা আফ্ৰাজে।

স্থানীয় একাংশ গৰখীয়াই প্ৰত্যক্ষ কৰে এই নৃশংস ঘটনা । শিহৰণকাৰী দৃশ্য দেখি প্ৰত্যক্ষদৰ্শীয়ে চিঞৰ-বাখৰ কৰাত সমবেত হয় স্থানীয় ৰাইজ। ৰাইজে বিচনাতে উদ্ধাৰ কৰে ৩ শিশুৰ নিথৰ দেহ । ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰি ৰাইজে SMCH ত ভৰ্তী কৰে শ্বাহেনাৰ ৭ বছৰীয়া ননদক । ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

বৰ্তমানেও জানিব পৰা হোৱা নাই এই ভয়ংকৰ ঘটনাটো কিয় সংঘটিত কৰিলে । আৰক্ষীৰ তদন্ত অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা(Woman Allegedly Kills Three Children, Injures Sister in Karimganj) ।

লগতে পঢ়ক : Children among 90 dead in Mozambique ferry accident : ভয়ংকৰ নাও দুৰ্ঘটনা;নিহত শিশুসহ ৯০জন