Local, Vocal, Global

গোৱালপাৰাৰ চেঁচা পানীত ভয়ংকৰ পথ দুৰ্ঘটনা,থিতাতে নিহত মাতৃ-কন্যা !চিন্ন-ভিন্ন হৈ পৰে মাতৃ-কন্যাৰ দেহ…

গোৱালপাৰাৰ চেঁচা পানীত ভয়ংকৰ দুৰ্ঘটনা।গোৱালপাৰাৰ মাটিয়াৰ উপৰ-বগুৱান গাঁৱত সংঘটিত এই পথ দুৰ্ঘটনাটো৷ এখন তীব্ৰবেগী পিকআপ ভানে মহটিয়াই নিলে স্কুটীসহ দুই আৰোহীক৷ থিতাতে নিহত স্কুটীত থকা দুই মাতৃ-কন্যা৷দুয়ো মাতৃ-কন্যাই স্কুটিৰে চেঁচা পানীৰ বজাৰলৈ গৈ আছিল।

নিহত মাতৃৰ নাম হৈছে হিমাদ্ৰী কছাৰী (২৭) আৰু কন্যাৰ নাম ৰাণী কছাৰী (৯)৷ স্কুটীখনক খুন্দিয়াই বহু দূৰলৈকে লৈ যায় বাহনখনে৷ প্ৰচণ্ড বেগেৰে চালকে বাহনখন চলোৱাৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়৷বাহনখন মাতৃ-কন্যাৰ দেহৰ ওপৰেৰে উঠাই লৈ যায় চালকে৷ চিন্ন-ভিন্ন হৈ পৰে মাতৃ-কন্যাৰ দেহ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰে৷এই শোকাৱহ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে।