Mother-Daughter Go Missing En Route from Bongaigaon:বঙাইগাঁওলৈ আলহী খাবলৈ গৈ সন্ধানহীন মাতৃ-কন্যা
ৰঙিয়া,১ফেব্ৰুৱাৰী : ৰঙিয়াত নিৰুদ্দেশৰ ঘটনা। বঙাইগাঁওলৈ আলহী খাবলৈ গৈ সন্ধানহীন মাতৃ কন্যা।
ঘটনাৰ বিৱৰণী অনুসৰি, ৰঙিয়া সমজিলাৰ বৰকুকুৰীয়া নোনাপাৰৰ নিজ স্বামীগৃহৰ পৰা বঙাইগাঁওৰ ভনীয়েকৰ ঘৰলৈ গৈছিল ১০ বছৰীয়া কন্যা আৰিশ্মা বেগম আৰু মাতৃ হাচনা বেগম ।
কিন্তু যোৱা ২৭ জানুৱাৰীত ভনীয়েকৰ ঘৰৰ পৰা উভতি অহাৰ পথৰ পৰা ৰহস্য জনক ভাৱে কন্যাসহ নিৰুদ্দেশ হৈ আছে হাচনা বেগম। স্বামী আকবৰ আলীয়ে আত্মীয়-কুটুম সকলোতে বিচাৰ খোচাৰ কৰে যদিও আজিলৈ পত্নী আৰু সন্তানৰ কোনো ধৰণৰ সম্ভেদ উলিয়াব নোৱাৰি উপায়ন্তৰ হৈ ৰঙিয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ(Mother-Daughter Go Missing En Route from Bongaigaon)।
স্বামী আকবৰ আলীৰ পত্নীলৈ আহ্বান, তোমালোক যতেই আছা ঘৰলৈ উভতি আহা । কোনোৱাই যদি কৰবাত সম্ভেদ পায় মাতৃ-কন্যাৰ নিকটৱৰ্তী থানা নাইবা +916002328735 ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে স্বামী আকবৰ আলীয়ে।
লগতে পঢ়ক:CM Himanta Biswa Sarma Birthday: মুখ্য়মন্ত্ৰীৰ জন্মদিন উপলক্ষে ধেমাজিত গছ পুলি ৰোপন