Amul Milk Price Hikes By Rs. 2/Litre : দেশত বৃদ্ধি পালে গাখীৰৰ মূল্য; আজিৰে পৰা আমুল গাখীৰত প্ৰযোজ্য হ’ব নতুন নিৰিখ
নেশ্যনেল ডেস্ক, ৩জুন : আমুলে গ্ৰাহকলৈ লৈ ডাঙৰ খবৰ। দেশত বৃদ্ধি পালে গাখীৰৰ মূল্য। আজিৰেই পৰা অধিক ব্যয়বহুল হৈ পৰিল আমুল গাাখীৰ। আজিৰে পৰা আমুল গাাখীৰত প্ৰযোজ্য হ’ব নতুন নিৰিখ
উল্লেখ্য যে আমুল ব্ৰেণ্ডৰ অধীনত গাখীৰৰ সামগ্ৰী বিক্ৰী কৰা গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেশ্যনে প্ৰতি লিটাৰ গাখীৰৰ মূল্য ২ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। এই মূল্য আজিৰে পৰা সমগ্ৰ দেশৰ সকলো বজাৰতে কাৰ্যকৰী হ’ব। GCMMFৰ তথ্য অনুসৰি গাখীৰৰ মুঠ কাৰ্যকৰী আৰু উৎপাদন ব্যয় বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা প্ৰতি লিটাৰত সকলো ধৰণৰ আমুল গাখীৰৰ মূল্য ২ টকাকৈ বৃদ্ধি কৰা হৈছে(Amul Milk Price Hikes By Rs. 2/Litre)।
GCMMFএ এক বিবৃতিত কয় যে প্ৰতি লিটাৰত ২ টকা বৃদ্ধিৰ অৰ্থ হ’ল MRP ৩ৰ পৰা ৪ শতাংশ বৃদ্ধি, যিটো গড় খাদ্য মুদ্ৰাস্ফীতিতকৈ বহু কম। একে সময়তে GCMMFএ কয় যে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আমুলে মূল বজাৰত আমুলৰ সতেজ গাখীৰৰ দাম বৃদ্ধি কৰা নাই।
নতুন মূল্য অনুসৰি আমুল গোল্ড ৫০০ মিলিলিটাৰৰ মূল্য ৩২ টকাৰ পৰা ৩৩ টকালৈ বৃদ্ধি পাইছে। এক লিটাৰ আমুল গোল্ডৰ মূল্য ৬৪ টকাৰ পৰা ৬৬ টকালৈ বৃদ্ধি পাইছে। একেদৰে আমুল টাজা ৫০০ মিলিলিটাৰৰ মূল্য ২৬ টকাৰ পৰা ২৭ টকালৈ বৃদ্ধি পাইছে। অমূল শক্তি ৫০০ মিলিলিটাৰৰ মূল্য ২৯ টকাৰ পৰা ৩০ টকালৈ বৃদ্ধি পাইছে(Mother Dairy Increases Milk Prices By Rs 2 Per Litre After Amul)।