Mother and son found dead in Nalbari : নলবাৰীত কোঠাৰ ভিতৰত উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰী : ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ ঘটনা । নলবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো(Mother and son found dead in Nalbari)।
নলবাৰীত এটা ঘৰৰ ভিতৰতে উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ। সোমবাৰে নিশা উদ্ধাৰ হয় মৃতদেহ কেইটা ।
জানিব পৰা মতে, মৃত লোককেইজন কবিতা হালৈ আৰু তেওঁৰ কিশোৰ পুত্ৰ হৃষিকেশ কাশ্যপৰ বুলি জানিব পৰা গৈছে। বিশেষভাৱে সক্ষম আছিল ১৫ বছৰীয়া হৃষিকেশ ।সোমবাৰে হৃষিকেশৰ ওপজা দিন আছিল। কিন্তু জন্মদিন পালন কৰিব নাপালে হৃষিকেশে।
নিজ শোৱণি কোঠাতে মৃত অৱস্থাত মাতৃ পুত্ৰক প্ৰত্যক্ষ কৰে আত্মীয়ই লগে লগে ঘটনা সন্দৰ্ভত খবৰ দিয়ে আৰক্ষীক।
স্বামী জগদীশ হালৈয়ে পত্নী আৰু পুত্ৰক বিহ খুৱাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। বৰ্তমান পলাতক আছে অভিযুক্ত।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি ইতিমধ্য়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।বৰ্তমান সমগ্ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি ।
লগতে পঢ়ক : Assam Youth Goes Missing In Tamil Nadu : বহিঃৰাজ্যত পুনৰ সন্ধানহীন অসমৰ যুৱক;তামিলনাডুত সন্ধানহীন অসমৰ যুৱক