Local, Vocal, Global

Morocco earthquake: মৰক্কোত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি; জোকাৰণিৰ ফলত মৃত্যু ২৯৬ জন লোকৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ছেপ্টেম্বৰ : মৰক্কোত ভূমিকম্পৰ জোকাৰণি । প্ৰকৃতিৰ ৰোষত পৰিছে মৰক্কো । শুকুৰবাৰে নিশা ভয়ংকৰ ভূমিকম্প জোকাৰি যায় মৰক্কো(Morocco earthquake) । এই বৃহৎ ভূমিকম্পৰ জোকাৰণিৰ ফলত মৃত্যু ২৯৬ জন লোকৰ( 296 killed as buildings damaged) । প্ৰায় ৬.৮ ৰিখটাৰ প্ৰাবল্যৰ জোকাৰণিয়ে কপাই গ’ল দেশখন । ইয়াৰ ফলত দেশবাসী সম্প্ৰতি আতংকিত হৈ পৰিছে(Morocco earthquake kills at least 296 causes) ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ অনুসৰি এই ভূমিকম্প দক্ষিণ-পশ্চিম মাৰাকেশৰ ১৮.৫ কিলোমিটাৰ গভীৰতাত উৎপন্ন হয়। যাৰ কম্পন উপকূলীয় চহৰ ৰাবাট, কাছাব্লাংকা আৰু এচাওয়িৰাতো অনুভৱ হয়। এই ভূমিকম্পৰ ফলত বহু ঘৰ অট্টালিকা খহি পৰে ।

মৰক্কোৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি এয়া দেশখনৰ বৰ্তমানলৈ সংঘটিত হোৱা আটাইতকৈ ডাঙৰ ভূমিকম্প। এই ভূমিকম্পত নিহত আৰু আহতৰ সংখ্যা যদিও এই পৰ্যন্ত আনুষ্ঠানিকভাবে প্ৰকাশ পোৱা নাই তথাপিও দেশখনত বৃহৎ ক্ষয়-ক্ষতি হোৱাৰ খবৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ইতিমধ্যে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে । মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে,এই ভূমিকম্পৰ প্ৰাবল্য ইমানেই আছিল যে এইৰ কম্পন্ন মৰাকেশৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ দূৰত্বৰ ৰাজধানী ৰবাটতো অনুভূত হয়। ভাৰত সময় অনুসৰি পুৱতিনিশা ৩.৪১ বজাত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। USGSৰ মতে, ১২০ বছৰৰ ভিতৰত উত্তৰ আমেৰিকাত হোৱা এয়া আটাইতকৈ শক্তিশালী ভূমিকম্প। ভূমিকম্পৰ ফলত কেইবাটাও পুৰণি অট্টালিকা খহি পৰাৰ খবৰ লাভ কৰা হৈছে(Morocco earthquake kills at least 296 causes widespread damage and panic )।

মৰক্কোবাসীয়ে ভূমিকম্পৰ ভয়ংক বহু ভিডিঅ’ ছচিয়েল মিডিয়াত পোষ্ট কৰিছে । য’ত ঘৰবোৰ ধ্বংসস্তূপলৈ পৰিণত হোৱা দেখা গৈছে আৰু ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ ঐতিহাসিক মাৰাকেচত পুৰণি চহৰখনৰ চাৰিওফালে থকা বিখ্যাত ৰেড ৱালৰ কিছু অংশও ক্ষতিগ্ৰস্ত হৈছে । ভিডিঅ’বোৰত দেখা গৈছে কেনেদৰে পৰ্যটক আৰু স্থানীয় লোকসকলে চহৰখনৰ ৰেষ্টুৰেণ্টৰ পৰা চিঞৰি চিঞৰি ওলাই আহিছে(296 killed as powerful 6.8 magnitude earthquake strikes Morocco) ।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এক্সৰ জৰিয়তে শোকপ্ৰকাশ কৰিছে । মোদীয়ে কয়, ‘মৰক্কোত ভূমিকম্পৰ ফলত হোৱা ক্ষতিক লৈ অত্যন্ত দুখ অনুভৱ কৰিছো। এই দুখৰ সময়ত মই মৰক্কোৰ সেই লোকসকললৈ সমবেদনা জ্ঞাপন কৰিছো, যিসকলে নিজৰ আত্মীয়ক হেৰুৱাইছে। ভাৰতে এই কঠিন সময়ত মৰক্কোক সকলো সম্ভৱপৰ সাহায্য আগবঢ়াবলৈ প্ৰস্তুত।

লগতে পঢ়ক : Aditya-L1 : Aditya-L1 য়ে ল’লে ছেলফি; পৃথিৱী আৰু চন্দ্ৰৰ ফটো তুলি ইছৰোলৈ প্ৰেৰণ