Morigaon youth missing from two days : দুদিন ধৰি নিৰুদ্দেশ মৰিগাঁৱৰ যুৱক কাছেম আলী
নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী : মৰিগাঁৱৰ বিবাহিত পুৰুষ নিৰুদ্দেশ। বিগত দুদিন ধৰি নিৰুদ্দেশ যুৱকজন । মৰিগাঁও জিলাৰ মায়ঙৰ পাভকাতিৰ বাসিন্দ যুৱকজন। নিৰুদ্দেশ হৈ থকা লোকজনৰ নাম কাছেম আলী বুলি জানিব পৰা গৈছে(Morigaon youth missing from two days)।
জানিব পৰা মতে, ঠিকাদাৰ এছাহক আলীৰ পুত্ৰ ৩৬ বছৰীয়া যুৱ ব্যৱসায়ী কাছেম আলী ২৩ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে। কাছেমে শুকুৰবাৰে পুৱা প্ৰায় ৯-০০ বজাত পত্নীক মাত লগাই নিজৰ পালচাৰ বাইকখনেৰে ঘৰৰ পৰা মৰিগাঁও লৈ বুলি ওলাই গৈছিল।পত্নীয়ে জনোৱা অনুসৰি কাছেমে লগত লৈ গৈছিল নগদ ৫০ হাজাৰ টকা, কিন্তু উক্তদিনা বিয়লি ৩-০০ বজাৰ পৰা স্বামীৰ সতে যোগাযোগ কৰিব পৰা নাই। যোৱা দুদিন ধৰি ম’বাইলৰ চুইটচ অফ হৈ আছে ।
ফোনত যোগাযোগ কৰিব নোৱাৰি পৰিয়ালৰ মাজত হাহাকাৰ লাগে । পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ ঘৰত বিচাৰ-খোচাৰ কৰে যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই এতিয়ালৈকে ।
ঘটনা সন্দৰ্ভত মায়ং থানাত ঘটনা পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে। সম্প্ৰতি কাছেমক বিচাৰি আৰক্ষীৰ তদন্ত অব্যাহত থকাৰ কথা জানিবলৈ দিয়ে।