Local, Vocal, Global

Morigaon teacher detained over sexual harassment allegations:ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে

নিউজ ডেস্ক,১৫ডিচেম্বৰ : শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিক সীমাহীন অপকৰ্মৰে কলুষিত কৰি অহা একাংশ শিক্ষকে শৈক্ষিক ক্ষেত্ৰখনৰ সুনামত বিভিন্ন সময়ত লগাই আহিছে আঁচোৰ ৷

পুনৰ শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিক অপকৰ্মৰে কলুষিত কৰিছে এজন শিক্ষকে। এইবাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ।মৰিগাঁও জিলাৰ অন্তৰ্গত বৰচকাবাহা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক জুৱাহিৰ হুছেইনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ।

এই লম্পট প্ৰকৃতিৰ শিক্ষকজন হৈছে- বৰচকাবাহা প্ৰাথমিক বিদ্যালয়ৰ ৫৫ বছৰীয়া জুৱাহিৰ হুছেইন।

ৰাইজৰ অভিযোগৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথে তদন্ত কৰাৰ পিছত জালুগুটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিক্ষকজনক। শিক্ষকজনৰ বিৰুদ্ধে ১৬৭/২০২৪ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে(Morigaon teacher detained over sexual harassment allegations)।

লগতে পঢ়ক:Dibrugarh Hit by Wild Elephant, Buffalo Menace:ডিব্ৰুগড়ত বনৰীয়া হাতী আৰু ম’হৰ উপদ্ৰৱ